ৰূপজ্যোতি বিহুৱা দলৰ ১৫ দিনীয়া বিহু কৰ্মশালা সম্পন্ন

jj

 ৰূপজ্যোতি বিহুৱা দলৰ ১৫ দিনীয়া বিহু কৰ্মশালা সম্পন্ন । 

 ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহুক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । পিছপৰি ৰোৱা নাই জামুগুৰিহাটৰ উত্তৰাঞ্চল টুপীয়া । অঞ্চলটোৰ টুপীয়া পাঁচগাঁও একাডেমীৰ প্ৰাঙ্গনত এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গোম-গোমনি । টুপীয়াৰ ৰূপজ্যোতি বিহুৱা দলৰ তত্বাৱধানত পায়নীয়াৰ ক্লাৱৰ সৌজ্যনত ১৫ দিনীয়া বিহু কৰ্মশালাখন মঙলবাৰে সম্পন্ন হয় । উক্ত বিহু কৰ্মশালাত মূখ্য অতিথি ৰূপে উপস্থিত থাকি নৱপ্ৰজন্মসকলক উৎসাহ প্ৰদান কৰে বিশিষ্ট বিহু সম্ৰাট বিৰেণ ভৰালীয়ে । প্ৰতিজন ডেকা - জীয়ৰী, শিশু সকলৰো মুখত  শুনিবলৈ পোৱা গৈছে বিহুনাম ।  বিহু কৰ্মশালাৰ জৰিয়তে সকলোৱে এতিয়া বিহু নাম গাই বিহুৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে । অসমীয়া সংস্কৃতিৰ সম্পূৰ্ণ ৰীতি-নীতি পৰম্পৰাৰ মাজেৰে যুৱক-যুৱতীসকলে কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মৰ নাচনী সকলক বিহুৰ প্ৰশিক্ষণ দি পৰম্পৰা ৰক্ষা কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় । উক্ত কৰ্মশালাত মৌ কুৱৰী, বিহু কুৱৰীৰ লগতে ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰি নিৰ্বাচিত প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণ পত্ৰ আৰু বঁটা প্ৰদান কৰে । প্ৰতিখন কৰ্মশালাত এশৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা দেখা যায় ।

Category
Profile picture for user UB Photos