
বিয়া হৈ এখন নতুন ঘৰত ভৰি দিবলৈ প্ৰতি গৰাকী যুৱতীৰ সপোন ৷ বিয়াৰ হৈ আন এখন ঘৰলৈ গুচি যোৱাৰ সেই মুহুতটি মাত্ৰ কইনা গৰাকীহে অনুভৱ কৰিব পাৰে। কিন্ত আনন্দ-উছাহৰ মাজতে এখন বিয়াত ঘটিল অতি মৰ্মান্তিক ঘটনা। এই শোকাৱহ ঘটনা সংঘটিত হৈছে ওড়িশাৰ সোণেপুৰ জিলাত। জিলাখনৰ খিলাহী গাৱঁৰ গুপ্তেশ্বৰী চাহু নামৰ এগৰাকী কইনা। মৰমতে সকলোৱে মাতে ৰ’জী বুলি । বিয়াৰ দিনা নিৰ্ধাৰিত সময় অনুসৰি ৰ’জীৰ বিয়াখন দৰা বিষিকেশনৰ সৈতে সম্পূৰ্ণ ধাৰ্মিক ৰীতি মতে সম্পন্ন হয়। ইয়াৰ পিছতে কইনা লৈ দৰাৰ প্ৰস্তানৰ সময় ৷ সেই সময়তে ঘটিল অঘটন ৷ ন-কইনা ৰ’জীয়ে মাকৰ ঘৰৰ পৰা বিদায় লোৱা সময়তে সাৱটি লয় কৰুণ মৃত্যুক। নিজৰ আপোন ওপজা ঘৰখনৰ পৰা চিৰদিনলৈ এৰি যোৱাৰ দুখত ভাগি পৰে ৰ’জী।
বিদায় পৰ্বৰ সেই মুহূৰ্তত কান্দি কান্দি সংজ্ঞাহীন হৈ মাটিত ঢলি পৰে ৰ'জী। এনে অপ্ৰত্যাশিত ঘটনাত সকলো কিংকতৰ্ব্যবিমূঢ় হৈ পৰিয়ালৰ সকলোৱে ৰ’জীক হাত-ভৰি মালিচ কৰে ৷ইয়াৰ পিছতো কোনো সুফল নাপায় ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে। কিন্ত চিকিৎসকে ন-কইনাক মৃত বুলি ঘোষণা কৰে। চিকিৎসকে হৃদক্ৰিয়া বন্ধ হৈয়ে ৰ’জীয়ে কৰুণ মৃত্যুক সাৱটি লোৱা বুলি সদৰী কৰে । এই মৰ্মান্তিক ঘটনাই সমগ্ৰ ওড়িশাতে পৰিছে শোকৰ ছাঁ পৰে ৷
- Log in to post comments