চৰকাৰৰ বিৰুদ্ধে বাৰ্লিনৰ ৰাজপথত জনতাৰ ক্ষোভ

Barlin Protest

   সমগ্ৰ বিশ্বৰ লগতে জাৰ্মানতো কৰ'ণা ভাইৰাছৰ সংক্রমণে সংহাৰী ৰূপ অব্যাহত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জাৰ্মান চৰকাৰে দেশখনত পুনৰ আৰোপ কৰে প্ৰতিবন্ধকতা । কিন্তু চৰকাৰৰ এই প্ৰতিবন্ধকতাৰ বিৰুদ্ধে সৰব হৈ পৰে দেশ খনৰ একাংশ লোক। দেশখনত ইতিমধ্যে কৰ'ণা মহামাৰী অৱসান হ'ল এনে ক্ষেত্ৰত ৰাজনীতি লাভালাভৰ বাবে জাৰ্মান চৰকাৰে পুনৰাই দেশত বলবৎ কৰিছে প্ৰতিবন্ধক । এই ধৰণৰ অভিযোগ আনি কেইবা সহস্ৰাধিক লোকে দেশখনৰ ৰাজধানী বাৰ্লিনৰ ৰাজপথলৈ ওলায় আহি উত্তাল প্ৰতিবাদ কৰে। ক্ষুব্ধ প্ৰতিবাদকাৰী সকলে হাতত চৰকাৰ বিৰোধী প্লেকাৰ্ড লৈ মুখত মাস্ক আৰু সামাজিক দূৰত্বত নসাৎ কৰি পশ্চিম  বাৰ্লিনৰ পৰা বেন্দাৰববাৰ্গ গেইটলৈ উলিয়াই বিশাল সমদল। প্ৰতিবাদকাৰীক বাধা দিবলৈ আহি সমদলকাৰীৰে হোৱা হতাহতিত কেইবাজনো আৰক্ষী আহত হয়। প্ৰায় ১৭ হাজাৰ প্ৰতিবাদকাৰী সমবেত হোৱাৰ পিছতে বাৰ্লিন প্ৰশাসনে কৰ'ণা বিধি উলংঘা কৰাৰ অভিযোগত আয়োজকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰজু কৰে।

    উল্লেখ্য যে জাৰ্মানত এই পৰ্যন্ত  কৰ'ণা আক্রান্তৰ সংখ্যা ২,১১,৪৬২জনৰ বিপৰীতে মৃত্যু হৈছে প্ৰায় ৯,২২৬ জন।

Category
Profile picture for user UB Photos