শ্ৰীনগৰত দুদিনীয়া সান্ধ্যআইন বলবৎ 

শ্ৰীনগৰত দুদিনীয়া সান্ধ্যআইন বলবৎ 

       জম্মু আৰু কাশ্মীৰে  দীৰ্ঘদিন ধৰি ভোগ কৰি থকা বিশেষ ৰাজ্যৰ মৰ্য্যদা আৰু সংবিধান   ৩৭০ ধাৰা কৰ্তন কৰা এবছৰ সম্পূৰ্ণ হয় সোমবাৰে। এই দিনটোতে কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা ৩৭০ধাৰা কৰ্তন কৰাৰ লগতে লাডাখত কাশ্মীৰৰ পৰা পৃথক কৰি সুকীয়া কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষনা কৰে।

       সোমবাৰে পাক সমৰ্থিত একাংশ বিচ্ছিন্নতাবাদী সংগঠনে উল্লিখিত দিনটো ক'লা দিন বুলি ঘোষনা কৰি সমগ্ৰ ৰাজ্যতে জনতাক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণৰ আহ্বান জনায়। বিচ্ছিন্নতাবাদী সংগঠনৰ সম্ভাব্য প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সমগ্ৰ ৰাজ্যতে হাই এলাৰ্ট ঘোষনা কৰে।

       একেদৰে ৰাজ্য ৰাজধানী শ্ৰীনগৰৰ জিলা দণ্ডাধীশ চাহিদ ইকবাল চৌধুৰীয়ে ৰাজধানী মহানগৰ খনত ৪ আৰু ৫ আগষ্টত দুদিনীয়া সান্ধ্যআইন বলবৎ কৰিছে। আনহাতে প্ৰশাসনে কটকটীয়া  নিৰাপত্তা বেষ্টনী গঢি তুলিছে স্পৰ্শ অঞ্চল সমূহত

Category
Profile picture for user UB Photos