অন্ধ্ৰপ্ৰদেশত ৩ ৰাজধানী! বিধান সভাত গৃহিত ৰাজধানী নিৰ্মাণৰ বিধেয়ক

 বিধান সভাত গৃহিত হ'ল ৰাজ্যৰ তিনি ৰাজধানী নিৰ্মাণৰ বিধেয়ক

অন্ধ্ৰপ্ৰদেশ বিধান সভাত গৃহিত হ'ল ৰাজ্যৰ তিনি ৰাজধানী নিৰ্মাণৰ বিধেয়ক l

       বহু প্ৰতিক্ষাৰ অন্তত অন্ধ্ৰপ্ৰদেশৰ তিনি ৰাজধানী নিৰ্মানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা "অন্ধ্ৰপ্ৰেদেশ বিকেন্দ্ৰীকৰণ আৰু সীমান্তৱতী  অঞ্চল বিকাশ  '২০২০ বিধেয়ক খন সোমাবাৰে অন্ধ্ৰ  বিধানসভাত সৰ্বসন্মতি ক্রমে গৃহিত হয়। এই অনুসৰি জাহাজনগৰী  বিশাখাপত্তনমক কাৰ্যবাহী ৰাজধানী, অমৰাৱতীক বিধানমণ্ডল ৰাজধানী কুৰ্নালক ন্যায়িক ৰাজধানী হিচাপে নিৰ্মান কৰাৰ প্ৰস্তাৱ সন্নিবিষ্ট আছে বিধেয়ক খনত।

       বিধান সভাত গৃহীত হোৱাৰ পিছত মংগলবাৰে  বিধান পৰিষদতো গৃহিত কৰাৰ পৰিকল্পনা কৰে YSR কংগ্ৰেছে।সেই অনুসৰি শাসনাধিষ্ট  YSR কংগ্ৰেছৰ বিত্ত মন্ত্ৰী বুৰ্গনা ৰাজেন্দ্ৰ নাথ ৰেড্ডীয়ে ৰাজধানী নিৰ্মাণ বিধায়ক খন বিধান পৰিষদত দাখিল কৰে । অধিবেশনৰ কাৰ্যবাহী চলি থকা সময়ছোৱাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে তেলেগুদেশম পাৰ্টিৰ ১৭জন বিধায়িণী সদস্যক এটা দিনৰ বাবে নিলম্বিত কৰে অধ্যক্ষই। বিধায়ক কেইগৰাকীয়ে মুখ্যমন্ত্ৰী এছ  জগনমোহন ৰেড্ডীয়ে ভাষন দি থকা অৱস্থাতে কেইবাবাৰো কৰিছিল বাধাআৰোপ। মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত  কয় যে বিকেন্দ্ৰীকৰনৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি পূৰ্বৰ ঐতিহাসিক ভূলবোৰৰ শুধৰণী কৰাৰ প্ৰয়াস কৰা হৈছে আৰু একেদৰে  আমি ৰাজধানী সলনি কৰা নাই  বৰং আৰু ২ টা নতুন ৰাজধানী সংযোজন কৰা হয়।

      উল্লেখ্য যে ১৭৫ জনীয়া অন্ধ্ৰ প্ৰদেশ বিধান সভাত শাসনাধিষ্ট YSR কংগ্ৰেছৰ সদস্য সংখ্যা ১৫১ জনৰ বিপৰীতে তেলেগু দেশম পাৰ্টিৰ সংখা ২৩খন। আনহাতে ৫৮ জনীয়া বিধান পৰিষদত YSR কংগ্ৰেছৰ সংখ্যা মাত্ৰ ৯ জনৰ বিপৰীতে তেলেগু দেশম পাৰ্টিৰ সংখা ৩৪। এনে ক্ষেত্ৰত বিধান সভাত যদিও ৰাজধানী বিধেয়ক খন গৃহীত হৈছে যদিও বিধান পৰিষদত গৃহীত হোৱাৰ সম্ভাৱনা কম।তৎস্বতেও YSR কংগ্ৰেছে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে ।

Category
Profile picture for user UB Photos