পথ নে পথাৰ! একাঁঠু বোকাত দৈনিক যাতায়ত

পথ নে পথাৰ! একাঁঠু বোকাত দৈনিক যাতায়ত

     পথ নে পথাৰ ধৰিব নোৱাৰি ।একাঁঠু বোকাত দৈনিক যাতায়ত অব্যাহত ৰাখিছে মৰাণ বিধানসভা সমষ্টিৰ নাহৰণি গাওঁ পঞ্চায়তৰ ৰাইজে । নিৰ্বাচন সমূহৰ প্ৰাকমুহুৰ্তত পথ নিৰ্মাণৰ বাবে প্ৰতিবাদ কৰা যেন পৰম্পৰা হৈ পৰিছে সমষ্টিটোৰ ৰাইজৰ ।

    এই দৃশ্য মৰাণ বিধানসভা সমষ্টিৰ খোৱাং উন্নয়ন খণ্ডৰ নাহৰণি গাওঁ পঞ্চায়ত ৰ মৰাণ নিতাই পথৰ এটা অংশ । ধূম চিৰিং ফুকন নামেৰে নামাকৰণ কৰা আহোম ৰজা দিনীয়া আলিটোৰ উন্নয়নৰ বাবে কাৰোৱেই আহৰি নাই। 

       এই আইতা গৰাকী সকাম খাবলৈ বুলি ওলাওঁতে একেদিনাই দুবাৰ বোকাত পিছলি পৰিল। পানীটোলা পুখুৰী গাওঁ, টেপছালী গাওঁ, টেপছালীবাম গাওঁকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ ভৰষা এইপথটি আজিকোপতি যাব নোৱাৰিলে এম্বুলেঞ্চ । ছাত্ৰ ছাত্ৰী সকল বিদ্যালয়লৈ কিতাপৰ মোনাত লৈ যায় এযোৰ কাপোৰ। গাঁৱৰ বাকী সকল নিজৰ দুচকীয়া অথবা চাৰিচকীয়া বাহন নিজৰ ঘৰলৈও লৈ যাব নোৱাৰে । পথটিৰ দুৰৱস্থাৰ বাবে থ'ব লাগে আনৰ চোতালত নতুবা পথটিৰ দাঁতিত ।

     মৰাণ বিধানসভা সমষ্টিৰ পৰা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা বৰ্তমানৰ মূখ্যমন্ত্ৰীয়ে তেতিয়াই প্ৰতিশ্ৰুতি দিছিল। অগপৰ দিন গ'ল কংগ্ৰেছে ১৫ টা বছৰ খালে আৰু এতিয়া বিজেপিৰ  ৫টা বছৰ সম্পূৰ্ণ  হ'ল ।

      প্ৰত্যেকবাৰৰ দৰে এইবাৰো গাওঁবাসীয়ে পৰম্পৰা অব্যাহত ৰাখিছে। পথ নিৰ্মাণৰ বাবে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বৃদ্ধ-বনিতা, ডেকা গাভৰু, ছাত্ৰ-ছাত্ৰী, সকলো প্ৰতিবাদ কৰিছে। 

Category
Profile picture for user UB Photos