বিদেশী শিক্ষাৰ্থীয়ে এৰিব লাগিব আমেৰিকা

বিদেশী শিক্ষাৰ্থীয়ে এৰিব লাগিব আমেৰিকা

 

      কৰ'ণা আতংকত ত্ৰস্তমান হৈ থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক নিদেৰ্শনাই সংকটত পেলাইছে বিদেশী শিক্ষাৰ্থী সকলক। দেশখনৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ণৰত হৈ থকা শিক্ষাৰ্থী সকলে শীঘ্ৰে এৰিব লাগিব যুক্তৰাষ্ট্ৰ।

     সোমবাৰে দেশ খনৰ ই'মিগ্ৰেশ্বন আৰু শুল্ক বিভাগে এক বিবৃতিত প্ৰকাশ কৰে যে দেশখনত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী সকলে তেওঁলোকৰ অধ্যয়নৰত শিক্ষানুষ্ঠানত সমূহে যদি অনলাইন ক্লাছ আৰম্ভ কৰিছে ।তেন্তে সেই সকল শিক্ষাৰ্থী উভতি যাব লাগিব নিজ দেশলৈ ।

     অৱশ্যে এই ব্যৱস্থা কাৰ্যকৰী নকৰা শিক্ষাৰ্থী সকলে পৰৱৰ্তী নিৰ্দেশলৈ  বাট চাব।তদুপৰি বিভাগটোৱে আৰু কয় যে এফ-১আৰু এম-১ সুবিধাপ্ৰাপ্ত শিক্ষাৰ্থী সকলে দেশ এৰাটো বাধ্যতামূলক । এনে ক্ষেত্ৰত নিয়ম অমান্য সকলৰ ওপৰত লব আইনী ব্যৱস্থা ।উল্লেখ্য যে কৰ'ণা ভাইৰাছৰ বাবে ইতিমধ্যে দেশখনৰ অধিকাংশ শিক্ষানুষ্ঠানে অন লাইন ক্লাছ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

      আনহাতে বিশ্বৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অধীনস্হ  কলেজ সমূহে ইতিপূৰ্বেই আৰম্ভ কৰিছে অন-লাইন ক্লাছ ।একেদৰে হাভাৰ্ড বিশ্ববিদ্যালয় কতৃপক্ষই বিশ্ববিদ্যালয়খনৰ হোষ্টেল সমূহ খালী কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে।যাৰ বাবে সন্মুখীন হৈছে বিদেশী ছাত্ৰ-ছাত্ৰী সকল।এই সন্দৰ্ভত অধ্যয়নৰত মেস্কিকো'ৰ ভালোনিয়া মেন্দিল নামৰ ছাত্ৰজনে কয়, বিদেশী শিক্ষাৰ্থী সকলৰ সম্পৰ্কত আমেৰিকা চৰকাৰে
শেহতীয়াকৈ লোৱা নিদেৰ্শনা অতি হতাশজনক।

     যুক্তৰাষ্ট্ৰৰ চুবুৰীয়া মেস্কিকোৰ বাসিন্দা হিচাপে পৰিবেশ নিয়মীয়া হ'লে আমি উভতি আহিম কিন্তু আন দেশৰ শিক্ষাৰ্থী সকল উভতি অহাটো অসম্ভৱ।

Category