আজি এ ডি আৰ ইত সফলতা অৰ্জন কৰা বৰপেটা জিলাৰ ভৱানীপুৰ-সৰভোগ সমষ্টিৰ একাংশ প্ৰাৰ্থীক মন্ত্ৰী দাসে সম্বৰ্ধনা জনায় । হাউলী পৌৰসভাৰ কাৰ্যালয় সভাগৃহত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী দাসে প্ৰাৰ্থীসকলক গামোচা, মানপত্ৰ আৰু গছপুলিৰে সম্বৰ্ধনা জনায়। হাউলী পৌৰসভাৰ সভানেত্ৰী অঞ্জলি দাস চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত মন্ত্ৰীগৰাকীয়ে উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক সততাৰে নিজৰ দায়িত্ব আগন্তুক দিনত পালন কৰিবলৈ আহ্বান জনায় ।
সম্বৰ্ধনা জনোৱাৰ পাছত মন্ত্ৰীগৰাকী সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও মন্তব্য কৰে।
মুখ্যমন্ত্ৰীৰ পিছত এইবাৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও জুবিন গাৰ্গৰ সমাধিৰ ক্ষেত্ৰত একেই মন্তব্য কৰে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, “একাংশই জুবিন গাৰ্গক ন্যায় প্ৰদান আৰু তেওঁৰ ধৰ্মক লৈ বিভ্ৰান্তি বিয়পাবলৈ চেষ্টা কৰিছে । জুবিন ‘কাঞ্চনজংঘা’ত কৈছিল মোৰ কোনো জাতি নাই, ধৰ্ম নাই । সেয়া চিনেমাৰহে সংলাপ । একাংশই ক’ব বিচাৰে যেন সেয়া জুবিন গাৰ্গে নিজ মুখেৰে কৈছে । মই সেইসকলৰ মুখত চূণ দি কৈছো জুবিন গাৰ্গ আছিল প্ৰকৃত হিন্দুত্ববাদী মানুহ, জুবিন গাৰ্গ আছিল প্ৰকৃত সনাতনী মানুহ । কাঞ্চনজংঘাৰ গীত এবাৰ শুনি চাব…।”
“জুবিন গাৰ্গ হৈছে গৰ্গমুনিৰ বংশধৰ । ভগৱান শ্ৰীকৃষ্ণ গৰ্গমুনিৰে বংশধৰ আছিল । অৰ্থাৎ জুবিন গাৰ্গৰ গোত্ৰ গৰ্গমুনি । সেই গৰ্গমুনিক শ্ৰদ্ধা জনাই সনাতনী সংস্কৃতিৰ জুবিন গাৰ্গে উপাধিয়ে সলনি কৰি পেলাইছে । আগতে আছিল জুবিন বৰঠাকুৰ আৰু নাম লিখিছে জুবিন গাৰ্গ । গতিকে এই কথাকলৈ কাক কি চকুত ধূলি দিয়ে নাজানো, আমাক চকুত ধূলি দিব নোৱাৰে ।”
লগতে মন্ত্ৰীগৰাকীয়ে এছঅ’পিক সমৰ্থন জনাই কয়, “আজি কবৰ স্থানত কোনোবা মুছলমান ল’ৰাই গৈ মদ খোৱাৰ নজিৰ আছে নেকি ? কোনো মুছলমান ল’ৰাই কবৰ স্থানত গৈ মদ নাখায় । সেইটো হৈছে তেওঁলোকৰ সংস্কৃতি । কিন্তু সমাধিক্ষেত্ৰত গৈ মদ খাব নোৱাৰে নহয় । মুখ্যমন্ত্ৰীৰ দায়িত্ব এটা আছে । তাজমহল ৰাতি ১২ টাত খোলা থাকে নেকি ? তাজমহলৰ অনুৰাগী বহুত আছে…।”
- Log in to post comments