
দিল্লী পাব্লিক স্কুল খানাপাৰা-এ ২০২৪–২৫ শিক্ষাবৰ্ষৰ AISSE (দশম শ্ৰেণী) আৰু AISSCE (দ্বাদশ শ্ৰেণী) বোর্ড পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ অসাধাৰণ সফলতা উদযাপন কৰিবলৈ আজি ১৭/০৫/২০২৫ তাৰিখে এটি বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে।
AISSE-ত মন্নত বাওৰিয়ে ৯৭.৪% নম্বৰৰে দশম শ্ৰেণীত শীৰ্ষস্থান লাভ কৰে। উল্লেখযোগ্যভাৱে, সৰ্বমুঠ ১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯০% ৰ পৰা অধিক নম্বৰ অৰ্জন কৰিছে আৰু মুঠ ছাত্ৰ-ছাত্ৰীৰ ৪৫% এ ৮৫% ৰ পৰা অধিক নম্বৰ লাভ কৰিছে। এই সফলতাৰ জৰিয়তে বিদ্যালয়খনৰ শৈক্ষিক মাপকাঠি আৰু দিশানিৰ্দেশৰ গুণমান প্ৰতিফলিত হয়।
AISSCE-ৰ ফলাফলত, এ .এছ. মাইকেল খায়িং-এ ৯৭.২% নম্বৰে কলা শাখাত শীৰ্ষস্থান লাভ কৰাৰ লগতে সকলো শাখাৰ ভিতৰত শ্ৰেষ্ঠ স্থান দখল কৰে। বিজ্ঞান শাখাত ভূমি শৰ্মাই ৯৫% নম্বৰে শ্ৰেষ্ঠ স্থান লাভ কৰে আৰু বাণিজ্য শাখাত তৰং আগৰৱালায়ে ৯৪.২% নম্বৰে শীৰ্ষস্থান অধিকাৰ কৰে। দ্বাদশ শ্ৰেণী ৰ ৩৫% ছাত্ৰ-ছাত্ৰীয়ে ৮৫% ৰ পৰা অধিক নম্বৰ অৰ্জন কৰিছে আৰু ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯০% ৰ পৰা অধিক সামগ্ৰিক নম্বৰ লাভ কৰিছে।
বিদ্যালয়খনৰ শৈক্ষিক উৎকৃষ্টতাৰ লগতে সমগ্ৰিক বিকাশৰ প্ৰতিশ্ৰুতিৰ স্বৰূপত মানসিক বিজ্ঞান, ফাইন আৰ্টছ আৰু ইনফৰ্মেচন টেকন'লজি বিষয়ত ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ১০০ নম্বৰ লাভ কৰাৰ খবৰে বিদ্যালয়খনৰ মান অধিক বৃদ্ধি কৰিছে।
অনুষ্ঠানখনত বিদ্যালয়খনৰ প্ৰ’-ভাইচ চেয়াৰমেন শ্ৰী ৰাম অৱতাৰ আগৰৱালা উপস্থিত থাকি সফল ছাত্ৰ-ছাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁলোকক আগলৈও অধ্যৱসায়েৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰে।
বিদ্যালয়খনৰ প্ৰধান অধ্যক্ষা শ্ৰীমতী মনময়ূৰী বৰকটকী দেৱীয়ে কয় যে, “আমাৰ বিদ্যালয় সদায় ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, চাৰিত্ৰিক আৰু সৃষ্টিশীল বিকাশৰ বাবে সংকল্পবদ্ধ। এই সফলতাই আমাৰ বিদ্যালয়খনৰ মান আৰু দিশা দুয়োটাই প্ৰতিনিধিত্ব কৰিছে।”
উল্লেখযোগ্য যে দিল্লী পাব্লিক স্কুল খানাপাৰা, উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে নিজৰ স্থান প্ৰতিষ্ঠা কৰি আহিছে।
- Log in to post comments