
মুম্বাইত ৱেভছ ২০২৫ত আজি উন্মোচন হোৱা আৰ্নষ্ট এণ্ড ইয়ঙৰ "এ ষ্টুডিঅ’ কলড ইণ্ডিয়া" প্ৰতিবেদনত বিশ্বৰ বিষয়বস্তুৰ শক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰতিবেদনখনে ইয়াৰ সম্প্ৰসাৰিত ডিজিটেল বজাৰ, সাংস্কৃতিক বৈচিত্ৰ্য আৰু উন্নত উৎপাদন ক্ষমতাৰ দ্বাৰা পৰিচালিত বিশ্ব মাধ্যম আৰু মনোৰঞ্জন (এম এণ্ড ই) দৃশ্যপটত ভাৰতৰ বৰ্ধিত প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছেঃ
ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতি আৰু উন্নত আন্তঃগাঁথনিয়ে দেশখনক এক সৃষ্টিশীল শক্তি কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।
ভাৰতত এনিমেচন আৰু ভিএফএক্সৰ ব্যয় ৪০ শতাংশৰ পৰা ৬০শতাংশ কম আৰু বিশ্বব্যাপী উৎপাদন কাৰ্য্যপ্রবাহক সমৰ্থন কৰিবলৈ দেশখনত বৃহৎসংখ্যক দক্ষ কৰ্মচাৰী আছে।
আন্তৰ্জাতিক অ’টিটি প্লেটফৰ্মত ২৫ শতাংশ লোকে প্ৰত্যক্ষ কৰা ভাৰতীয় বিষয়বস্তুৱে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে।
প্ৰতিবেদনখনৰ লক্ষ্য হৈছে এম এণ্ড ই খণ্ডত ভাৰতৰ আকৰ্ষণীয় বিকাশ আৰু উদ্ভাৱনৰ ওপৰত আলোকপাত কৰা, যিয়ে দেশক আন্তৰ্জাতিক সমল সৃষ্টিৰ ক্ষেত্ৰত অগ্ৰণী স্থান প্ৰদান কৰে। সম্প্ৰসাৰিত ডিজিটেল বজাৰ, বৈচিত্ৰ্যময় সাংস্কৃতিক আৰু ভাষিক ঐতিহ্য, তথা বিশ্বজুৰি দৰ্শকৰ সৈতে প্ৰতিধ্বনিত সমৃদ্ধ কাহিনী বৰ্ণনা পৰম্পৰাৰ দ্বাৰা পৰিচালিত ভাৰত দ্ৰুতগতিত এক আন্তৰ্জাতিক সমল কেন্দ্ৰত পৰিণত হৈছে।
প্ৰতিবেদনখনৰ গুৰুত্বপূৰ্ণ দিশবোৰৰ ভিতৰত থাকিবঃ
ডিজিটেল মাধ্যমৰ অধিগ্ৰহণঃ ২০২৪ চনত ডিজিটেল মিডিয়াই দূৰদৰ্শনক অতিক্ৰম কৰি ভাৰতৰ এম এণ্ড ই খণ্ডৰ সৰ্ববৃহৎ খণ্ড হিচাপে পৰিগণিত হয়, যিয়ে ৮০০ বিলিয়ন টকাৰো অধিক (৯.৪ বিলিয়ন মাৰ্কিন ডলাৰ) অৰিহণা যোগোৱাৰ লগতে খণ্ডৰ ৰাজহৰ ৩২ শতাংশ বহন কৰে।
কণ্টেণ্ট সৃষ্টিঃ ভাৰতে যোৱা বছৰ প্ৰায় ২,০০,০০০ ঘণ্টাৰ মূল সমল প্ৰস্তুত কৰিছিল, যাৰ ভিতৰত আছে ১,৬০০ খন চলচ্চিত্ৰ, ২,৬০০ ঘণ্টাৰ প্ৰিমিয়াম অ'টিটি সমল আৰু ২০,০০০ টা মূল গীত। ই ভাৰতক বিশ্বব্যাপী সৰ্ববৃহৎ সমল সৃষ্টি কেন্দ্ৰৰ ভিতৰত এখন হিচাপে স্থান দিছে।
প্ৰযুক্তিগত উন্নতিঃ কৃত্ৰিম বুদ্ধিমত্তা আৰু নতুন প্ৰযুক্তিয়ে ভাৰতৰ সমল উদ্যোগত বৈপ্লৱিক পৰিবৰ্তন সাধন কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা-চালিত প্লেটফৰ্মে বিষয়বস্তু উৎপাদনৰ দক্ষতা আৰু মান বৃদ্ধি কৰাৰ ফলত পেছাদাৰী-শ্ৰেণীৰ ভিডিঅ', ছবি, লিখনী আৰু সংগীতৰ দ্ৰুত সৃষ্টি সম্ভৱ হয়।
লাইভ ইভেণ্টসমূহৰ বৃদ্ধিঃ কেৱল ২০২৪ চনত, ভাৰতে ৩০,০০০ৰো অধিক লাইভ ইভেণ্ট আয়োজন কৰিছিল, যাৰ ভিতৰত আছিল এড শ্বিৰান আৰু ক’ল্ডপ্লেৰ দৰে আন্তৰ্জাতিক শিল্পীসকলৰ কনচাৰ্ট। টিকটযুক্ত অনুষ্ঠানবোৰ যোৱা পাঁচ বছৰত চাৰি গুণ বৃদ্ধি পাইছে, যিয়ে জীৱন্ত মনোৰঞ্জনৰ বাবে বৰ্ধিত অনুৰাগ প্ৰতিফলিত কৰিছে।
প্ৰতিভাৰ সম্প্ৰসাৰণঃ এম এণ্ড ই খণ্ডই ২৮ লাখ লোকক প্ৰত্যক্ষভাৱে আৰু অতিৰিক্ত ১০ নিযুত লোকক পৰোক্ষভাৱে নিয়োগৰ সুবিধা দিছে। ভাৰতৰ পৰিসৰ বৃদ্ধি কৰিব পৰা প্ৰতিভাৰ সুবিধা দেশখনৰ বৈচিত্ৰ্যময় সাংস্কৃতিক আৰু ভাষিক দৃশ্যপটৰ দ্বাৰা শক্তিশালী হৈ উঠাৰ জৰিয়তে এক সমৃদ্ধিশালী সমল পৰিবেশতন্ত্ৰ গঢ়ি তোলাত সহায় হৈছে।
- Log in to post comments