
এয়া পৰীক্ষা নে আন কিবা। সন্মুখত প্ৰশ্নকাকত, আঁঠুৰ মাজত মোৱাইল। ৰাজ্যত চলি আছে শিক্ষাৰ্থীৰ জীৱনৰ দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা। এফালে HSLC, আনফালে HS।
মুলত দুয়োটা পৰীক্ষাক লৈ ব্যস্ত কেন্দ্ৰ সমূহ। তাৰ মাজতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ এই দৃশ্যই চকু কপালত তুলিছে সকলোৰে।
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ এয়া কাৰিকৰী বিষয়ৰ পৰীক্ষাৰ দৃশ্য। টেবুলে টেবুলে পৰীক্ষাৰ্থীৰ হাতত মোৱাইল। মোৱাইল চাইছে আৰু লিখিছে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত তালাচীৰ বাবে থাকে আৰক্ষী। পৰীক্ষা হলত নিৰীক্ষণৰ বাবে থাকে এজন অভিজ্ঞতা পুষ্ট গাৰ্ড। থাকে এজন ইক্সটাৰ্নেল। তাৰ পিছতো এয়া কেনেকৈ সম্ভৱ?
এয়া ছাত্ৰ ছাত্ৰীৰ পুথিগত শিক্ষাৰ অভাৱৰ ফল নে অন্য কিবা!
- Log in to post comments