প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অসম বিধানসভাৰ বাজেট অধিৱেশন...

boroland

আজিৰে পৰা আৰম্ভ পঞ্চদশ বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব ৰাজধানীৰ বাহিৰত। দিছপুৰৰ পৰিৱৰ্তে কোকৰাঝাৰৰ BTR বিধান পৰিষদীয় ভৱনত হ’ব অধিৱেশন। আজি পুৱাই ৫খনকৈ বিশেষ বাছেৰে কোকৰাঝাৰলৈ ৰাওনা মন্ত্ৰী-বিধায়কসকল। 

বড়োলেণ্ড পৰিষদীয় সদনত অনুষ্ঠিত হ’ব প্ৰথম দিনৰ কাৰ্যসূচী। ৰাজ্যপালৰ অভিষাণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশনৰ কাৰ্যসূচী। কোকৰাঝাৰত বাজেট অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি। দিছপুৰৰ পৰা বাছেৰে ৰাওনা মন্ত্ৰী-বিধায়কৰ।

উল্লেখ্য যে, ১৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব বিধানসভাৰ কাৰ্যক্ৰমণিকা। ২১ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ বিৰতি থাকিব অধিৱেশন। ৩-১২ মাৰ্চলৈ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যক্ৰমণিকা। ১৩-২০ মাৰ্চলৈ পুনৰ বিৰতি থাকিব অধিৱেশনৰ কাৰ্যসূচী। ২১-২৫ মাৰ্চলৈ চলিব বাজেট অধিৱেশনৰ অন্তিম কাৰ্যসূচী। ১০ মাৰ্চত বিধানসভাত দাখিল হ’ব ২০২৫-২০২৬ বৰ্ষৰ বাজেট।

Category