প্ৰব্ৰজনকাৰী বহিস্কাৰৰ প্ৰক্ৰিয়াত ট্ৰাম্প প্ৰশাসনে সামৰিক বিমান ব্যৱহাৰ কৰিছে। তাকে লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অকল সামৰিক বিমান ব্যৱহাৰ কৰাই নহয়, হাত–ভৰি বান্ধিও প্ৰব্ৰজনকাৰীক আমেৰিকাৰ পৰা খেদি পঠিওৱা হৈছে।
ব্ৰাজিলৰ প্ৰব্ৰজনকাৰীক হাত–ভৰি বান্ধি খেদি পঠিওৱাৰ দৃশ্য বিশ্বজুৰি ভাইৰেল হৈছে। প্ৰব্ৰজনকাৰীক বহিস্কাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অমানৱীয় পদক্ষেপ কিয়। কলম্বিয়াৰ প্ৰব্ৰজনকাৰীকো ট্ৰাম্প প্ৰশাসনে সামৰিক বিমানতেই খেদি পঠিয়াইছিল।
কিন্তু কলম্বিয়াৰ ৰাষ্ট্ৰপতি গাস্তাভো পেট্ৰ’ই বিমানখন নিজৰ ভুখণ্ডত অৱতৰণ কৰিবলৈ অনুমতি দিয়া নাছিল। গাস্তাভো পেট্ৰ’ই ডনাল্ড ট্ৰাম্পক প্ৰশ্ন কৰিছিল– কিয় সামৰিক বিমানত মোৰ দেশৰ নাগৰিকক খেদি পঠিওৱা হ’ল। আমেৰিকাত অবৈধভাবে থকা ভাৰতীয় নাগৰিককো ট্ৰাম্প প্ৰশাসনে সামৰিক বিমানত খেদি পঠিয়ালে। ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ তত্বাৱধানত আমেৰিকাই এই কাৰ্য ৰূপায়ণ কৰে।
কিন্তু কলম্বিয়াৰ ৰাষ্ট্ৰপতি গাস্তাভো পেট্ৰোৰ দৰে ভাৰত চৰকাৰে ভাৰতীয় নাগৰিকক কিয় সামৰিক বিমানেৰে খেদি পঠিওৱা হ’ল সেই প্ৰশ্ন নকৰিলে। প্ৰশ্ন উঠিছে কিয় ট্ৰাম্প প্ৰশাসনে প্ৰব্ৰজনকাৰীক বহিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিছে সামৰিক বিমান।
ইতিমধ্যে আমেৰিকাৰ ডিপাৰ্টমেণ্ট অৱ হোমলেণ্ড ছিকিউৰিটীয়ে পাঁচ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰিছে। চিনাক্ত কৰা এই প্ৰব্ৰজনকাৰীক সামৰিক বিমানেৰে বহিস্কাৰ কৰা হ’ব। প্ৰথম কথাটো হৈছে আমেৰিকাৰ এয়াৰ লাইন্সত প্ৰব্ৰজনকাৰীক বহিস্কাৰ কৰা যথেষ্ট ব্যয়বহুল। বাণিজ্যিক চাৰ্টাৰ্ড বিমানত এজন প্ৰব্ৰজনকাৰীক বহিস্কাৰৰ ব্যয় ৪ হাজাৰ ৬৭৫ ডলাৰ।
ইয়াৰ বিপৰীতে সামৰিক বিমানত এজন প্ৰব্ৰজনকাৰীক খেদি পঠিওৱাৰ ব্যয় হৈছে মাত্ৰ ৮১৩ ডলাৰ। সামৰিক বিমানত প্ৰব্ৰজনকাৰীক বহিস্কাৰ কৰিলে আমেৰিকাৰ ৰাজকোষৰ পৰা পাঁচ গুণ ব্যয় হ্ৰাস হয়। এই হিচাপ আমেৰিকাৰ পৰা গুৱাটেমালালৈ বহিস্কাৰৰ ব্যয় ভাৰতলৈ এজন প্ৰব্ৰজনকাৰীৰ বিপৰীতে ব্যয় হোৱা ধনৰাশি আৰু অধিক হ’ব।
অকল ব্যয় হ্ৰাস কৰাই নহয়, সামৰিক বিমানত প্ৰব্ৰজনকাৰীক খেদি পঠিওৱাৰ আঁৰত ট্ৰাম্পৰ আছে আন এক উদ্দেশ্যও। অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ট্ৰাম্প প্ৰশাসন যে কঠোৰ তাৰ বাৰ্তা দিব বিচাৰে আমেৰিকাই। প্ৰব্ৰজনকাৰীক ট্ৰাম্পে অপৰাধী আৰু অন্য গ্ৰহৰ নাগৰিক বুলি তাচ্ছিল্য কৰে।
ভৱিষ্যতে যাতে আমেৰিকালৈ কোনো অবৈধ বিদেশী প্ৰব্ৰজনকাৰীয়ে প্ৰৱেশৰ সাহ নকৰে তাৰ বাৰ্তা দিবলৈ এই অমানীৱয় পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰাম্প প্ৰশাসনে।
- Log in to post comments