সোনকালেই বন্ধ হ’ব পঞ্জীয়ন! ২০২৫ চনৰ ২১ ফেব্ৰুৱাৰীৰ আগতে ট্ৰুথটেল হেকাথনত যোগদান কৰক...

truth tell

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিকছ এছ’চিয়েচন (আইচিইএ)ৰ সহযোগিতাত ট্ৰুথটেল হেকাথন চেলেঞ্জ ঘোষণা কৰিছে। হেকাথনটো উদ্বোধনী বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (ৱেভছ) ২০২৫ৰ ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ (চি আই চি)ৰ ছিজন ১ৰ অংশ। প্ৰত্যাহ্বানটো হৈছে পোনপটীয়া সম্প্ৰচাৰত ভুল তথ্যৰ বিৰুদ্ধে যুঁজ দিবলৈ কৃত্ৰিম বুদ্ধিমত্তা-চালিত সমাধান বিকশিত কৰাৰ লক্ষ্যৰে এক অগ্ৰণী পদক্ষেপ।

হেকিং দ্য হোক্স

আজিৰ দ্ৰুতগতিৰ সংবাদ মাধ্যমৰ পৰিবেশত ভুল তথ্য দ্ৰুতগতিত বিয়পে, বিশেষকৈ পোনপটীয়া সম্প্ৰচাৰৰ সময়ত। প্ৰকৃত সময়ত ভুৱা তথ্য চিনাক্ত কৰাৰ প্ৰত্যাহ্বান সম্প্ৰচাৰকাৰী, সাংবাদিক আৰু দৰ্শকৰ বাবে সমানেই গুৰুত্বপূৰ্ণ।

সৰ্বমুঠ ১০ লাখ টকাৰ পুৰস্কাৰৰ সৈতে এই হেকাথনে ডেভেলপাৰ, ডাটা বিজ্ঞানী, আৰু মিডিয়া পেছাদাৰীসকলক বাস্তৱ সময়ৰ ভুল তথ্য চিনাক্তকৰণ আৰু তথ্য প্ৰমাণীকৰণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা-চালিত সঁজুলি সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। বিজয়ী দলসমূহে আগশাৰীৰ প্ৰযুক্তি পেছাদাৰীসকলৰ পৰা নগদ পুৰস্কাৰ, পৰামৰ্শৰ সুযোগ আৰু ইনকিউবেচন সমৰ্থন লাভ কৰিব।

এতিয়ালৈকে ৩৬ শতাংশ মহিলাৰ অংশগ্ৰহণকে ধৰি বিশ্বজুৰি ৫,৬০০ৰো অধিক পঞ্জীয়নৰ সৈতে হেকাথনে ব্যাপক আগ্ৰহ লাভ কৰিছে।

truth tell

মূল উদ্দেশ্যসমূহঃ

* পোনপটীয়া সম্প্ৰচাৰত তথ্যৰ বাস্তৱ-সময় চিনাক্তকৰণ আৰু প্ৰমাণীকৰণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা-চালিত সঁজুলিৰ বিকাশ ঘটোৱা।
* সংবাদ মাধ্যমৰ প্ৰতি বিশ্বাস আৰু স্বচ্ছতা বৃদ্ধি কৰা।
* সংবাদ পৰিবেশনত কৃত্ৰিম বুদ্ধিমত্তাৰ নীতিসন্মত ব্যৱহাৰৰ প্ৰচাৰ কৰা।
* হেকাথনৰ পৰ্যায় আৰু মূল তাৰিখসমূহঃ

প্ৰটোটাইপ দাখিলৰ অন্তিম সময়সীমাঃ  ২১ ফেব্ৰুৱাৰী, ২০২৫
চূড়ান্ত উপস্থাপনঃ ২০২৫ চনৰ মাৰ্চ মাহৰ শেষৰফালে
বিজয়ীসকলৰ প্ৰদৰ্শনীঃ ৱেভছ সন্মিলন ২০২৫

সময়ৰেখাঃ

প্ৰটোটাইপ দাখিলৰ সময়সীমাঃ  ২১ ফেব্ৰুৱাৰী, ২০২৫
শীৰ্ষ ২৫ টা প্ৰকল্পৰ বিষয়ে ঘোষণাঃ ৭ মাৰ্চ, ২০২৫
মেণ্টৰশ্বিপ আৰু টিংকাৰিংঃ ৮ মাৰ্চ-১৮ মাৰ্চ, ২০২৫
জুৰীৰ উপস্থাপন আৰু শীৰ্ষ ৫ বিজয়ীৰ নিৰ্বাচনঃ ২৪ মাৰ্চ-২৮ মাৰ্চ, ২০২৫
প্ৰদৰ্শনী আৰু বঁটা প্ৰদানঃ @ৱেভছ ফিনালে
অংশগ্ৰহণৰ সবিশেষ আৰু পঞ্জীয়নৰ বাবে চাওকঃ https://icea.org.in/truthtell/

সহযোগী অংশীদাৰসকল

হেকাথনলৈ মুখ্য অংশীদাৰসকলে সমৰ্থন আগবঢ়াইছে, যাৰ ভিতৰত আছে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (এম ই আই টি ৱাই), ইণ্ডিয়াএআই মিছন আৰু ডাটালীডছ; যিয়ে মিডিয়া প্ৰযুক্তিত উদ্ভাৱন বৃদ্ধি কৰা আৰু সম্প্ৰচাৰৰ মান বৰ্তাই ৰখাৰ বাবে আই চি ই এৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আই চি ই এৰ বিষয়ে

ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিকছ এছ’চিয়েচন (আইচিইএ) হৈছে ভাৰতৰ ম’বাইল আৰু ইলেক্ট্ৰনিকছ খণ্ডক প্ৰতিনিধিত্ব কৰা শীৰ্ষ উদ্যোগ সংস্থা, যিয়ে ভাৰতৰ ডিজিটেল পৰিবেশতন্ত্ৰক শক্তিশালী কৰাৰ বাবে উদ্ভাৱন, নীতিৰ ওকালতি আৰু বিশ্বব্যাপী সহযোগিতা আগবঢ়ায়।

Category