মাঘ বা ফাগুন মাহৰ শ্রী পঞ্চমী তিথিত বিদ্যাৰ অধিষ্ঠাত্ৰী মা সৰস্বতীৰক আৰধনা কৰা হয়। ।এইবাৰৰ সৰস্বতী ২ ফেব্ৰুৱাৰী নে ৩ ফেব্ৰুৱাৰী, কোন দিনা পালন কৰা হ’ব?
কালপুৰুষ পঞ্জিকাত উল্লেখ কৰা অনুসৰি ২ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১২ বাজি ১৩ মিনিটৰ পৰা আৰম্ভ হ’ব বসন্ত পঞ্চমী আৰু ৩ ফেব্ৰুৱাৰীৰ পুৱাৰ ৯ বাজি ৫৭ বজালৈ থাকিব বসন্ত পঞ্চমীৰ সময়। গতিকে পঞ্জিকাৰ মতে, ৩ ফেব্ৰুৱাৰীত পালন কৰা হ'ব সৰস্বতী পূজাৰ।
শিক্ষানুষ্ঠানসমূহত অতি উলহ-মালহেৰে সৰস্বতী পূজা আয়োজন কৰা হয়।
এইবাৰ সৰস্বতী পূজাক লৈ বিভিন্ন বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কোনোৱে কোনোৱে সৰস্বতী পূজা দেওবাৰ আৰু কোনোৱে কোনোৱে সৰস্বতী পূজা সোমবাৰ বুলি উল্লেখ কৰিছে। কালপুৰুষ পুৰ্ণাংগ পঞ্জিকা অনুসৰি ৩ ফেব্ৰুৱাৰীত পালন কৰা হ'ব সৰস্বতী পূজা।
- Log in to post comments