সাৱধান! ছয়মাইল উৰণসেঁতু পাৰ হোৱাৰ আগত দহবাৰ ভাৱক। কিয়নো, যিকোনো মুহূৰ্ততে ভাঙি পৰিব পাৰে ছয়মাইলৰ উৰণসেঁতু। কাৰণ উৰণসেঁতুত বৃহৎ বৃহৎ ফাঁট।
প্ৰায় ১০-১২ বছৰীয়া ছয়মাইলৰ উৰণসেঁতুত বিসংগতি। যিকোনো মুহূৰ্তত আশংকা কৰা হৈছে ভয়ংকৰ বিপদৰ। কংক্ৰিটৰ এখন উৰণসেঁতুৰ আয়ুস কাল বাৰু কিমান হ'ব পাৰে? সততে বহুজনে তপৰাই উত্তৰ দিব- ৩০-৫০ বছৰটো এনেই পাৰ হ'ব। কিন্তু এইখন অসমত ১৫ বছৰেই নিটিকা হৈছে ছয়মাইলৰ বিশাল উৰণসেঁতু। উৰণসেঁতুখনৰ ৪ নম্বৰ খুঁটাৰ দুয়োফালে মেলিছে বৃহৎ ফাঁট। যান-বাহনৰ ভৰ সহিব নোৱাৰা হৈছে উৰণসেঁতুখনে।
এইবাৰেই প্ৰথম নহয়, পূৰ্বেও উৰণঁসেতুখনত কৰা হৈছিল মেৰামতি। উৰণসেঁতুখনৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে দিল্লীৰ পৰা আহিছে বিশেষজ্ঞৰ দল। বৰ্তমান গৌতম কনষ্ট্ৰাকশ্যনে ক্ষীপ্ৰগতিৰে চলাইছে মেৰামতিৰ কাম।
২০০৯ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত নিৰ্মাণ কৰা হৈছিল এই ছয়মাইল উৰণীয়া সেঁতু । প্ৰায় ৪০ কোটি টকা ব্যয় সাপেক্ষে ছিনটেক্স নামৰ নির্মাণকাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰিছিল উৰণীয়া সেঁতুখন । সেই সময়ত গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
প্ৰশ্ন হয়, সেই সময়ত আওকাণ কৰা হৈছিল নেকি নিৰ্মাণৰ বিসংগতিৰ কথা।
- Log in to post comments