কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱাৰ ঘৰত CMVৰ অভিযান
মহানগৰীৰ ভঙাগড় আৰু ছয়মাইলত অভিযান CMVৰ
আয় বহিৰ্ভূত সম্পত্তিৰ উৎস বিচাৰি অভিযান CMVৰ
সূৰ্য কুমাৰৰ বাসগৃহত উদ্ধাৰ এটা পিষ্টল, ৪ জাঁই সজীৱ গুলী
বহু পৰিমাণৰ নগদ ধনো উদ্ধাৰ কৰিছে অভিযানকাৰী দলে
টকা গণিবলৈ মেচিন অনা হৈছে অভিযানস্থলীলৈ
অভিযানৰ নেতৃত্বত তদাৰকী কোষৰ SP ৰ’জী কলিতা
আনন্দ নগৰস্থিত এপাৰ্টমেণ্টত উপস্থিত বিষয়াগৰাকী
পূৰ্বে ধুবুৰী জিলাৰ সমাজ কল্যাণ বিষয়া আছিল সূৰ্য বৰুৱা
ধুবুৰী জিলাত সমাজ কল্যাণ বিষয়া হিচাবে বহু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছিল সূৰ্য বৰুৱাই। গুৰু গোহাঁই নমনা সূৰ্য বৰুৱাই নামে-বেনামে গঢ়িছিল অগাধ সম্পত্তি। সুদীৰ্ঘ ২২ টা বছৰে কোকৰাঝাৰৰ দেৱীতোলা CDPO হিচাপে নিযুক্ত হৈ আছে সূৰ্য্য বৰুৱা। তাৰ মাজতে আকৌ ধুবুৰী জিলা সমাজ কল্যাণ বিষয়া হিচাপে অতিৰিক্ত দায়িত্ব লাভ কৰে সূৰ্য্য বৰুৱা। তাৰোপৰি বীৰসিং জৰুৱা CDPO হিচাপে অতিৰিক্ত দায়িত্বও পালন কৰিছিল সূৰ্য্য বৰুৱাই।
ধুবুৰী জিলাৰ প্ৰতিটো অংগণবাদী কেন্দ্ৰৰ বাবে অহা শিশু খাদ্যৰ পৰা আৰম্ভ কৰি আন বিভিন্ন সামগ্ৰীৰ যোগান দিয়ে সূৰ্য্য বৰুৱাৰ পত্নীয়ে। গাৰ্ডেন এণ্ড হাৰ্বেষ্টিং আঁচনিৰ জৰিয়তে ৰাজ্যৰ সমাজ কল্যাণ বিভাগে আবন্টন দিছিল কোটি কোটি টকা।
কিন্তু কোনো এটা অংগণবাদী কেন্দ্ৰত উক্ত আঁচনি ৰূপায়ণ নকৰাকৈ সমূদায় ধনৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ সন্দেহ কৰা হৈছে। বিভিন্ন দুৰ্নীতিৰ অভিযোগত ২০২৩ চনৰ অক্টোবৰত ধুবুৰী জিলা সমাজকল্যাণ বিষয়াৰ দায়িত্বৰ পৰা আঁতৰোৱা হয় সূৰ্য্য বৰুৱাক।
- Log in to post comments