ভয়ৰ শংকা!।২০২০ চনৰ ভয়াবহ পৰিস্থিতিৰ পিছত চীনত হোৱা HMPV ৰ সন্ত্ৰাসে পুনৰ জোকাৰনি তুলিছে বিশ্বত। চীনত ক'ৰণা সদৃশ ভাইৰাছ বিয়পি পৰাৰ পিছত ভাৰতত ধৰা পৰিছে দ্বিতীয়টো HMPV। সোমবাৰে ৩ মহীয়া শিশুৰ শৰীৰত হিউমেন মেটাপনিউমো ভাইৰাছৰ উপস্থিতিৰ সন্দেহ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৮ মহীয়া শিশুৰ শৰীৰতো একেটা ভাইৰাছৰ সন্দেহ পোৱা গৈছিল। দুয়োটা শিশুকে বেংগালুৰুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।২ শিশু জ্বৰ-গাৰ বিষত আক্ৰান্তৰ কথা সদৰী চিকিৎসকৰ।
এই ভাইৰাছৰে চীনৰ HMPV ভাইৰাছৰ সদৃশ্য আছেনে নাই তাৰ কোনো সম্ভেদ পোৱা যোৱা নাই।আনহাতে শিশুদুটিৰ পৰিয়ালৰ কোনো লোকৰ বিদেশ ভ্ৰমনৰো নাই তথ্য।
উল্লেখ যে, কৰ্ণাটকত HMPV আক্ৰান্ত দুয়োটা শিশুৱে ৰুটিন চেকআপৰ বাবে চিকিৎসালয়ত উপস্থিত হৈছিল। টেষ্ট কৰাৰ পিছত শিশু দুটিৰ ৰিপৰ্ট আহিছিল পজিটিভ। অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্য বিভাগে স্পষ্ট কৰি দিয়ে যে শিশুকেইটাৰ নমুনা চৰকাৰী লেবত নহয় ব্যক্তিগত চিকিৎসালয়ত পৰীক্ষা কৰা হৈছে।
পৰৱৰ্তী সময়ত দুয়োটা শিশুৰ দেহত HMPV ৰ কোনো লক্ষণ নাই বা HMPV পজিটিভ নহয় বুলি সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য বিভাগে।
উল্লেখ্য যে,পুনৰবাৰ চীনত দেখা দিছে HMPV নামৰ এক ৰহস্যময়ী ৰোগ। এই ৰোগৰ দ্রুতগতিত বৃদ্ধি পোৱা ৰোগীয়ে কেৱল চীনকে নহয়, বিশ্বৰ আন আন দেশকো চিন্তিত কৰি তুলিছে। বৰ্তমান সময়ত চীনত বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশেষকৈ শিশু আৰু বৃদ্ধ এই ৰোগত অধিক আক্ৰান্ত হৈছে।
এই ৰোগৰ লক্ষণ চৰ্দি, জ্বৰ, কাঁহ, আৰু কেতিয়াবা উশাহ লোৱাত কষ্ট হোৱা গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত নিউমোনিয়াৰ দৰে জটিলতা আহিব পাৰে ।অৱশ্যে এই সন্দৰ্ভত চীন চৰকাৰ বা বিশ্ব স্বাস্থ্য সংস্থাই কোনো আনুষ্ঠানিক সতৰ্কবাণী জাৰি কৰা নাই।যদিওবা সকলোকে সতৰ্ক হোৱাৰ আহ্বান বিশ্ব বিশ্ব স্বাস্থ্য সংস্থাৰ।
- Log in to post comments