বিশিষ্ট বিজ্ঞানী ডঃ অনিল কুমাৰ গোস্বামীৰ পৰলোকপ্ৰাপ্তি
কটন বিশ্ববিদ্যালয়ৰ প্ৰাঃ অধ্যক্ষ ডঃ অনিল কুমাৰ গোস্বামী
শিলপুখুৰীস্থিত নিজ বাসভৱনত শেষনিশ্বাস ত্যাগ
৯০ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত মৃত্যু ডঃ গোস্বামীৰ
কটন কলেজৰ পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপক আছিল ডঃ গোস্বামী
পৰৱৰ্তী সময়ত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হিচাপে নিযুক্তি হৈছিল তেওঁ
শিক্ষাবিদগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বৰ
ডঃ গোস্বামীৰ মৃত্যুত শোকপ্ৰকাশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ
আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব ডঃ গোস্বামীৰ
নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ব শেষকৃত্য অনুষ্ঠান
অসমত বিজ্ঞান শিক্ষাৰ গুৰুত্ব, প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিছিল প্ৰয়াত ডঃ গোস্বামীয়ে। গুৱাহাটী তাৰকা গৃহ, চাইন্স মিউজিয়াম, এচটেক আদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো আগবঢ়াইছিল অপৰিসীম অৱদান। দিনৰ ভাগত কটন বিশ্ববিদ্যালয় আৰু তাৰকা গৃহলৈ নিয়া হব নশ্বৰ দেহ। তাৰকা গৃহত অসংখ্য গুণমুগ্ধই জনাব অন্তিম শ্ৰদ্ধাঞ্জলি। ।
- Log in to post comments