৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ
বৃহস্পতিবাৰে নিশা দিল্লীৰ এইম্ছত শেষনিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে
১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত পাকিস্তানত জন্ম হৈছিল সিঙৰ, তেওঁৰ পিতৃ- গুৰমুখ সিং, মাতৃ- অমৃত কৌৰ
প্ৰধানমন্ত্ৰীগৰাকীয়ে শৈশৱতে হেৰুৱাইছিল মাতৃক
আইতাকে ডাঙৰ-দীঘল কৰিছিল মনমোহন সিঙক
দেশ বিভাজনৰ পিছত ডঃ সিঙৰ পৰিয়াল আহে অমৃতসৰলৈ
পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডঃ সিং
পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ
১৯৫৭ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা TRIPOS সম্পন্ন
পাঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ অধ্যাপকৰূপে কৰ্মজীৱন আৰম্ভ
১৯৬৬ চনত দিল্লী স্কুল অৱ ইক’নমিকছৰ অৰ্থনীতিৰ অধ্যাপক নিযুক্ত
১৯৬৬-১৯৬৯ চনলৈ ৰাষ্ট্ৰসংঘত কাৰ্যনিৰ্বাহ
১৯৭২ চনত বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দায়িত্ব
১৯৭৬ চনত বিত্ত মন্ত্ৰালয়ৰ সচিবৰ দায়িত্ব
১৯৮০-১৯৮২লৈ পৰিকল্পনা আয়োগৰ লগত জড়িত
১৯৮২ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ নিযুক্ত
১৯৯১ চনত ভাৰতৰ বিত্তমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ডঃ সিং
নৰসিংহ ৰাও কেবিনেটত বিত্তমন্ত্ৰী পদত ডঃ সিং
মুক্ত অৰ্থনীতিৰ জৰিয়তে ঐতিহাসিক অৰ্থনৈতিক সংস্কাৰ
১৯৯৬ চনত ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা নিৰ্বাচিত
২০০৪ চনত UPA চৰকাৰৰ প্ৰধানমন্ত্ৰী
২০০৯ চনত পুনৰ প্ৰধানমন্ত্ৰী পদত ডঃ সিং
অসমৰ পৰা ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিছিল ডঃ সিঙে
- Log in to post comments