আজি মহাষষ্ঠী! মহানগৰীত এইবাৰ প্ৰায় ৪৫০ খন পূজাস্থলীত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী দুৰ্গা পূজাৰ...

Durga Puja

আজি মহাষষ্ঠী। পূজাৰ বেদীত প্ৰাণ প্ৰতিষ্ঠা দশভূজাৰ। বৈদিক পৰম্পৰাৰে ৰাজ্যজুৰি আৰম্ভ দুৰ্গতিনাশিনীৰ পূজা-অৰ্চনা। 

ৰাজ্যৰ পৌৰাণিক শক্তিপীঠসমূহত পূৰ্বৰ পৰম্পৰা ৰক্ষাৰে আৰম্ভ হৈছে দেৱী বন্দনা। বিল্বেশ্বৰকে আদি কৰি উগ্ৰতাৰালৈকে বিভিন্ন শক্তিপীঠত পৰম্পৰাগতভাৱে সম্পন্ন কৰা হ’ব বলি প্ৰথা। 

নীলাচলৰ মা কামাখ্যা ধামত দুৰ্গা পূজা উপলক্ষে ভিৰ কৰিছে অলেখ ভক্তই। ন ন থীমেৰে আকৰ্ষণীয় ৰূপত সজাই-পৰাই তোলা হৈছে পূজা মণ্ডপসমূহ। সমাহাৰ ঘটোৱা হৈছে অৰ্পূৰ্ব আলোকসজ্জাৰ। 

গুৱাহাটী মহানগৰীত এইবাৰ প্ৰায় ৪৫০ খন পূজাস্থলীত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী দুৰ্গা পূজাৰ। পূজা উপলক্ষে মহানগৰীৰ ৰাজপথ বিশেষ আলোকসজ্জাৰে সজাই তুলিছে প্ৰশাসনে। 

Category