'या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥' ক'ৰ পৰা কেনেকৈ দেৱীৰ উৎপত্তি হ'ল?

devi durga

কাইলৈ মহাষষ্ঠী! ইতিমধ্যেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। চাৰিওফালে ব্যস্ততা বাঢ়িছে। গতিকে, আজি জানো আহক এই দেৱীৰ পূজা ক'ৰ পৰা কেনেকৈ উৎপত্তি হ'ল?
 
হিন্দুসকলে দেৱী দুৰ্গাক মা ৰূপে গণ্য কৰে। গোটে বিশ্বৰ ৰক্ষাকৰতা, জন্মদাতা হিচাপে মাক জ্ঞান কৰা হয়। হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হৈছে দুৰ্গা পূজা বা দুৰ্গোৎসৱ । শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয় । আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত ।

ভাৰতৰ পশ্চিমবংগ, অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা জাকজমকতাৰে পালন কৰা হয়। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ । এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত । 

এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায় । পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা যায় আৰু পূৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় । শাৰদোৎসৱ, বিজয়া দশমী তথা দশেৰা হিচাপে জনাজাত হিন্দু সম্প্ৰদায়ৰ মাজত। 

দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্ৰেণীৰ ভক্তৰ দ্বাৰা পূজিত হৈ আহিছে ।বর্তমান যুগত দুর্গাপূজা বংগদেশৰ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে ।সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সার্বজনীনভাৱে মহাসমাৰাহেৰে অনুষ্ঠিত হৈ আহিছে ।

আনহাতে, জাতীয় উৎসৱৰ যাগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, দৈনন্দিন জীৱনৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, জীৱনৰ ব্যথা-বেদনা, সুখ-দুখ আদি পৰিহাৰ কৰি মনৰ কলুষ কালিমা, সংকীর্ণতা আতৰাই মানুহে জাতীয় বৃহৎ কল্যাণৰ উদ্দেশ্যেৰে জাতীয় উৎসৱসমূহত মিলিত হয় ।

Category

Related Articles