জীৱন্তে সমাধিস্থ ২০০০ লোক! ক'ত সংঘটিত এই শিহৰণকাৰী ঘটনা?.....

Landslide

এক শিহৰণকাৰী ঘটনাই কপাঁই তুলিছে সমগ্ৰ বিশ্ববাসীক। ভূমিস্খলনৰ ফলত টোপনি গৈ থকাৰ সময়তে জীৱন্তে সমাধিস্থ ঘটিল ২০০০ৰো অধিক লোক। এই ঘটনাটো সংঘটিত হৈছে পাপুৱা নিউ গিনিত। 

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, পাপুৱা নিউ গিনিৰ দুৰ্যোগ কেন্দ্ৰই সোমবাৰে প’ৰ্ট মোৰেছবিত অৱস্থিত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়লৈ এখন পত্ৰ লিখিছে। পত্ৰত কোৱা হৈছে, ‘উত্তৰাঞ্চলৰ এনগা প্ৰদেশৰ পোৰগেৰা-পাইলা জিলাৰ প্ৰত্যন্ত মুলিতাকাৰ ছয়খন গাঁৱত ভয়াৱহ ভূমিস্খলন হৈছে। ইয়াৰ ফলত ২ হাজাৰৰো অধিক মানুহ জীৱন্তে পোত গৈছে’।

বিগত শুকুৰবাৰে পুৱা এনগা প্ৰদেশৰ প্ৰত্যন্ত গ্ৰামঞ্চলত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। সেই সময়ত বেছিভাগ মানুহেই টোপনিত আছিল।

জানিব পৰা মতে, ভূমিস্খলনৰ স্থানত অনুসন্ধান আৰু উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণ কৰা সম্ভৱ হোৱা নাই। কাৰণ ঘাইপথ বিচ্ছিন্ন হৈ আছে। 

Category