ঘৰুৱা উপায়েৰে দাঁতৰ কেভিটিৰ যন্ত্রণা কেনেকৈ উপশম কৰিব?.....

dentist

খাদ্যৰ বাবেই হওঁক বা বিভিন্ন কাৰণতেই হওঁক দাঁতৰ সমস্যা কম-বেছি পৰিমাণে প্রায়ভাগৰেই থাকে। দাঁতত পোক হোৱাৰ লগতে আন এটা সমস্যা হৈছে কেভিটি। 

শিশুৰ পৰা ধৰি প্ৰাপ্তবয়স্কসকলৰ দাঁতত কেতিয়াবা সৰু সৰু গাঁত দেখা যায়। দাঁতৰ টান অংশত যিবোৰ গাঁত হয় তাকেই কেভিটি বুলি কোৱা হয়। বেক্টেৰিয়াৰ বাবে এনে কেভিটি হয়। বিশেষকৈ খাদ্য খোৱাৰ পাছত যিসকলে দাঁত পৰিষ্কাৰ নকৰে তেওঁলোকৰ এই সমস্যাটো দেখা যায়। 

গতিকে, কেভিটি চিকিৎসা আৰম্ভণিৰে পৰা নকৰিলে পাছলৈ দাঁতত গুৰুতৰ সমস্যাই দেখা দিয়ে। কেভিটিৰ পৰা মুক্তি পোৱাৰ কিছুমান ঘৰুৱা উপায়ো আছে।

ঘৰুৱা উপায়েৰে দাঁতৰ কেভিটিৰ যন্ত্রণা কেনেকৈ উপশম কৰিব?

১. কেভিটিৰ পৰা মুক্তি পাবলৈ ভিটামিন 'ডি' খোৱাটো জৰুৰী। বিশেষকৈ দুগ্ধজাত খাদ্য নিয়মীয়াকৈ খাব লাগে।

২. দাঁতৰ যি স্থানত কেভিটি হয় তাত দিনত দুই বা তিনিবাৰকৈ লং তেল লগালে বিষ নিৰাময় হয়। কিয়নো লঙত এন্টি ইনফ্লেমেটবি আৰু এণ্টিবেক্টেৰিয়েল বৈশিষ্ট্য থাকে। এডোখৰ কপাহত এটোপাল লং তেল লৈ দাঁতৰ গাঁতত লগাই ৰাখিলে, আৰাম পায়

৩. নেমুৰ দ্বাৰাও কেভিটিৰ পৰা মুক্তি পাব পৰা যায়। নেমুত ছাইট্রিক এচিড থাকে। এইবিধ এচিডে বিষ উপশম কৰে। খাদ্য খোৱাৰ পাছত নেমুৰ টুকুৰা চোবাই খালে দাঁতৰ ক্ষয়ৰোগ বোধ হয় আৰু হজম ক্ষমতা বৃদ্ধি পায়।

৪. মধুবিআমৰ পাতেও দাঁতৰ কেভিটি নাইকিয়া কৰে। ইয়াৰ বাবে উতলা পানীত মধুৰিআমৰ গুড়ি মিহলাই মাউথৱাছ হিচাপে ব্যৱহাৰ কৰক।

৫. উতলা পানীৰ সৈতে নিমখ মিহলাই পানীখিনি কুহুমিয়া কৰক। এইবাৰ নিমখ মিশ্রিত পানীৰে মুখখন কুলি কৰক। এনে কৰিলে দাঁতৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়।

Category