ঠাণ্ডা পানীয়ৰ নামত আপুনি খাইছে কি?
ফলৰ ৰসৰ নামত বৰবিহৰ বেহা!
শিশুক শীতল পানীয় দিয়াৰ পূৰ্বে দহবাৰ ভাৱক। কেজি মেংগ’ জুচৰ নামত বজাৰত এয়া কি? শেহতীয়াকৈ পোহৰলৈ আহিছে কে জি মেংগ’ নামৰ পেকেট জুচৰ এটা কোম্পানীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। আম নহয়, আমৰ ফ্লেভাৰত ৰাসায়নিক মিশ্ৰণহে। বঙাইগাঁৱৰ ‘মা তাৰা’ প্ৰতিষ্ঠানক বিতৰক হিচাপে লৈ কে জি মেংগ’ পেকেট জুচে ৰাজ্যৰ বিভিন্ন স্থানত বিক্ৰীৰ বাবে বিতৰণ কৰিছিল পেকেটসমূহ। দিল্লীৰ ব্ৰিজ সিং মালিকানাধীন এই কোম্পানীটোৱে এতিয়া একপ্ৰকাৰে বজাৰত মেলি দিছে বৰবিহ।
কে জি মেংগ’ নামৰ জুচবিধত পানীয়ত ওলাইছে আম ৰসৰ পৰিৱৰ্তে ৰাসায়নিক দ্ৰব্য। গুৱাহাটীৰ আমিনগাঁৱৰ ব্ৰিজ সিং মালিকানাধীন প্ৰিয়ংকা বেভাৰেজ নামৰ কোম্পানীটোৰ পৰা সামগ্ৰী ক্ৰয় কৰি বিপদত বঙাইগাঁৱৰ ব্যৱসায়ী। যোৱা মাৰ্চ মাহতেই বঙাইগাঁৱৰ ‘মা তাৰা’ ষ্টৰৰ স্বত্বাধিকাৰী বিজয় ধনুকাই ক্ৰয় কৰিছিল কে জি মেংগ’ নামৰ বৰবিহ।
পেকেটসমূহ পৰৱৰ্তী সময়ত ফুলিবলৈ লোৱাত কোম্পানীটোত অভিযোগ দাখিল কৰি আহিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কোম্পানীটোৱে। আনফালে, ১৮ শতাংশৰ পৰিৱৰ্তে ১২ শতাংশ GST লৈ ব্ৰিজ সিং এণ্ড কোম্পানীয়ে বৃহৎ ৰাজহ ফাকি দিয়াৰো অভিযোগ কৰে ধনুকাই।
- Log in to post comments