আগন্তুক দিনত বিশ্বত নতুন মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে ফ্লু ভাইৰাছে......

virus

ভাইৰাছৰ ৰূপ পৰিৱৰ্তনৰ ফলত ভৱিষ্যতে মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে ফ্লু ভাইৰাছে। এই ভয়ংকৰ ধাৰণা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে। আন্তজাৰ্তিক গৱেষণাৰ অভিজ্ঞ বিশেষজ্ঞৰ এক প্ৰতিবেদন অনুসৰি, ফ্লু ভাইৰাছৰ এক প্ৰজাতিয়ে অদূৰ ভৱিষ্যতে বিশ্বজুৰি মহামাৰীৰ সৃষ্টি কৰিব পাৰে।
 
কল'গনি ইউনিভাৰছিটিৰ গৱেষক ছেলমেনটন গাৰ্চিয়াই দীৰ্ঘদিন চলোৱা গৱেষণাৰ অন্তত কয় যে, ইনফ্লুয়েঞ্জা প্ৰায়ে পৰিৱৰ্তিত হৈছে আৰু সময়ৰ লগে লগে এই ভাইৰাছৰ প্ৰজাতিৰ নানা পৰিৱৰ্তন প্ৰত্যক্ষ হৈছে। লগতে, গাৰ্চিয়াই কয় যে, প্ৰত্যেকটো শীতত ইনফ্লুয়েঞ্জাৰ প্ৰকোপ প্ৰত্যক্ষ কৰা হৈছে আৰু ইয়াকে ক্ষুদ্ৰ মহামাৰী বুলি কোৱা হয়। ইনফ্লুয়েঞ্জাক কম-বেছি পৰিমাণে নিয়ন্ত্ৰণ কৰাটো সম্ভৱ।

কিন্তু আগন্তুক দিনত এই ফ্লু ভাইৰাছ একে ধৰণৰ হৈ থাকিব সেয়া নিশ্চিতভাৱে ক'ব নোৱাৰি। এই ভাইৰাছৰ ৰূপ পৰিৱৰ্তনৰ ফলত বিশ্বত নতুন মহামাৰীৰ আগমনৰ সম্ভাৱনা আছে। বিশেষজ্ঞসকলৰ মতে, কৰেন ফ্লুৰ পাছত ডিজিজ এক্স নামৰ ভাইৰাছৰ পৰা বিশ্বত নতুন মহামাৰীৰ সৃষ্টি হ'ব পাৰে। গতিকে, বিজ্ঞানীসকলৰ মতে, ক'ভিড-১৯ ভাইৰাছৰ পুনৰ আগমনৰ শংকা আছে।

Category
Profile picture for user UB Photos