সাহিত্য জগতত শোকৰ ছাঁ! ৮৪ বছৰ বয়সত শেষনিশ্বাস ত্যাগ বিশিষ্ট সাহিত্যিক প্ৰণৱজ্যোতি ডেকাৰ......

pranab

বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান। হাঁওফাঁওৰ সংক্ৰমণ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভুগি কেইবাদিনো ধৰি সংকটজনক অৱস্থাত গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পাতালত ভৰ্তি হৈ আছিল বিশিষ্ট সাহিত্যিক গৰাকী। আৰু আজি পুৱা ১১ মান বজাত GMCHত শেষনিশ্বাস ত্যাগ কৰে তেওঁ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ। 

pranab

উল্লেখ্য যে, ‘প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা। ২০২৩ বৰ্ষত লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা। ২০২১ চনত তেখেতৰ এই গ্ৰন্থখন প্ৰকাশ হৈছিল ।

‘সোণৰ চামুচ মুখত লৈ’ প্ৰণৱজ্যোতি ডেকাৰ আত্মকথা। তেওঁৰ সৃষ্টিৰাজি ‘কৈলাস নাথ’, ‘এজাক এলেহুৱা কাউৰীৰ সাধু’। ‘বেৱাৰিছ লাশ আৰু অন্য গল্প’, ‘বিহুৱতী চৰাই আৰু অন্য গল্প’। তেওঁৰ মৃত্যু অসমীয়া সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি।
 

Category
Profile picture for user UB Photos