কেনেকৈ আছে কেজৰিৱাল? কেজৰিৱালৰ নতুন ঠিকনা তিহাৰ জেল........

kejriwal

কেজৰিৱালক তিহাৰ জেললৈ নিক্ষেপ। কেজৰিৱালৰ নতুন ঠিকনা তিহাৰ জেলৰ কুঠৰি নম্বৰ ৫ । তিহাৰ জেলৰ পৰায়ে চৰকাৰ চলাব নেকি কেজৰিৱালে। আজিৰ পৰা তিহাৰ জেলত কেজৰিৱাল। দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিহাৰ জেল এখন নিৰ্বাচিত চৰকৰাৰ ঠিকনা হৈ পৰিল। কাৰণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নতুন ঠিকনা হব তিহাৰ জেলৰ কুঠৰী নম্বৰ ৫। সুৰা কেলেংকাৰীত EDৰ জিম্বাত থকা কেজৰিৱালক সোমবাৰে দিল্লীৰ ৰাউছ এভিনিউ কোৰ্টে। 

১৫ দিনৰ ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰাৰ পাছতেই দিল্লী চৰকৰাৰ ভবিষ্যতক লৈ সন্দেহৰ উদ্ৰেক হৈছে। উল্লেখ্য যে EDৰ অভিযোগ, সোমবাৰে কেজৰিৱালৰ EDৰ জিম্বাৰ অন্ত পৰিছিল, কেজৰিৱালে ইডিক সহযোগ কৰা নাই। EDক বিভ্ৰান্ত কৰা চেষ্টা কেজৰিৱাল, কেজৰিৱালে তেওঁৰ কম্পিউতাৰৰ PASSWORD স্বেয়াৰ কৰা নাই। এই অভিযোগ কৰি ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ১৫ দিনৰ ন্যায়িক জিম্মা বিচাৰে, আদালতেও EDৰ প্ৰাৰ্থনা মঞ্জুৰ কৰে।

জেললৈ নিক্ষেপ কৰাৰ পাছত , কেজৰিৱালে তিনিখন গ্ৰন্থ লগত নিয়াৰ অনুমতি বিচাৰে, গীতা,ৰামায়ন লগত ৰাখিব কেজৰিৱালে, কুঠৰিত টেবুল আৰু ছিয়াৰো ৰাখিব বিচাৰে কেজৰিৱালে, হয়তো কুঠৰিৰ পৰায়ে দিল্লী চৰকাৰ চলোৱাৰ পণ কৰিছেৱ কেজৰিৱালে। জেলত কেজৰিৱালে বিশেষ খাদ্য পৰিবেশৰ দাবী কৰা লগতে ঔষধ ৰখাৰো অনুমতি বিচাৰে ।

কুঠৰিত কেনেদৰে থাকিব মুখ্যমন্ত্ৰী কেজৰিৱাল:

সূৰ্য উদয়ৰ লগে লগে খোল খাব কুঠৰিৰ দুৱাৰ। পুৱা ৬ বাজি ৩০ মিনিটত কেজৰিৱালত দিয়া হব চাহ-ব্ৰেড, মধ্যাহ্ন ভোজন ১০ বাজি ৩০ মিনিটত, বিয়লি ৩ বাজি ৩০ মিনিটত চাহ-দুখন বিস্কুট, দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈকুঠৰি বন্ধ হব। উল্লেখ্য যে ৰাউছ এভিনিউ কোৰ্টে ৰায় দিয়াৰ পূৰ্বে কেজৰিৱালত ৰখাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল তিহাৰ জেল কৰ্তৃপক্ষই।

Category
Profile picture for user UB Photos