কলকাতাত অঘটন : ৫ মহলীয়া অট্টালিকা খহি ৫জনকৈ লোকৰ অকাল মৃত্যু........

kalkata

চুবুৰীয়া ৰাজ্য কলকাতাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। এই অনাকাঙ্খিত ঘটনাই কলকাতাৰ এক ব্যস্তপূৰ্ণ এলেকাত শোকৰ ছাঁ পেলাইছে।

নিৰ্মাণ হৈ থকা ৫ মহলীয়া অট্টালিকা খহি পৰা ফলত ৫জনকৈ লোকে অকাল মৃত্যুৱে বৰ্তমান অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে, দেওবাৰে মাজনিশা এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। প্ৰায় ১৪জন লোক আহত হোৱাৰ লগতে ৫ জন লোক থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে।

প্ৰত্যক্ষদৰ্শীয়ে দিয়া ভাষ্য অনুসৰি, অট্টালিকাটো খহি পৰাৰ আগেয়ে কিছু কিছু অংশ খহি সৰি পৰিছিল, তাৰ পিচতে ৫মহলীয়া অট্টালিকাটো খহি পৰি এই অনাকাঙ্খিত ঘটনাটো সংঘটিত হয়।

ইতিমধ্য ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশত ক্ষীপ্ৰ গতিত উদ্ধাৰ অভিযান কাৰ্য চলাই থকা হৈছে। উদ্ধাৰৰ কাৰ্যৰ মাজেত ৫ গৰাকীক নিহত আৰু ১৪ গৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰে।

সম্প্ৰতি ভালেকেইগৰাকী লোক ধ্বংসস্তূপৰ তলতে থকাৰ কথা জানিব পৰা গৈছে।

Category
Profile picture for user UB Photos