ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত! অসমত বাতিল হ’ব মুছলিম মেৰেজ এণ্ড ডিভোৰ্ছ এক্ট.........

cm

দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শুকুৰবাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ 

UCCক লৈ গুৰুত্বপূৰ্ণ আলোচনা কেবিনেটৰ বৈঠকত। শীঘ্ৰেই অসমত বাতিল হ’ব মুছলিম মেৰেজ এণ্ড ডিভোৰ্ছ এক্ট। বিবাহ পঞ্জীয়নৰ দায়িত্ব পালন কৰিব জিলা আয়ুক্তই। বিবাহৰ বয়সৰ পঞ্জীয়নক লৈ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

Uniform Civil Code অৰ্থাৎ সম নাগৰিক সংহিতা কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰখনে UCC আইন অনাৰ পূৰ্বে অসমত খাৰিজ কৰিলে ‘মুছলমান বিবাহ আৰু বিচ্ছেদ আইন, ১৯৩৫’। 

উল্লেখযোগ্য যে, এইখন আইনৰ জৰিয়তে মুছলমান লোকে সম্পন্ন কৰিছিল বহুবিবাহ ৷ মুছলমান ধৰ্মালম্বী লোকৰ বাবে থকা এই বিশেষ আইনৰ অধীনত বিবাহ আৰু বিচ্ছেদ বা তালাক সম্পন্ন হৈছিল ৷

কিন্তু এতিয়াৰে পৰা বহুবিবাহ প্ৰথা বন্ধ কৰি এখন আইনৰ অধীনত বিবাহ সম্পন্ন কৰিব লাগিব ৷ ইয়াৰ জৰিয়তে সমাজত কম বয়সৰ বিবাহ ৰোধ কৰিব পৰা যাব বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ বৰ্তমান সমাজ ব্যৱস্থাত এই আইনৰ কোনো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

Category
Profile picture for user UB Photos