আৰ্থিক দুৰৱস্থা আঁতৰ কৰিবলৈ আচাৰ্য চাণক্যৰ এই ৩টা বিশেষ নীতি পালন কৰক.......

Chanakya Niti

আচাৰ্য চাণক্য এজন মহান অৰ্থনীতিবিদ আৰু দাৰ্শনিক আছিল। চাণক্যক ভাৰতৰ লগতে বিশ্বৰ অন্যতম মহান অৰ্থনীতিবিদ আৰু দাৰ্শনিক হিচাপে গণ্য কৰা হয়। চাণক্যৰ নীতিশাস্ত্ৰ মানি চলিলে ৰাতিটোৰ ভিতৰতে আৰ্থিক সংকটৰ পৰা মুক্ত হ’ব পাৰি বুলি লোক বিশ্বাস আছে।

আজিৰেই পৰা চাণক্যৰ এই ৩টা বিশেষ কাম কৰিলে, হাতলৈ আহিব অধিক ধন, আঁতৰ হ’ব আৰ্থিক দুৰৱস্থা! গতিকে জানো আহক সেই বিশেষ কাম কেইটা কি কি ?

১. আচাৰ্য চাণক্যৰ মতে, যিয়ে খাদ্যক সন্মান কৰে, সেইসকলৰ কেতিয়াও অভাৱ নহয়। লগতে তেওঁলোকৰ জীৱনত মা লক্ষ্মীৰ কৃপা থাকে বুলি বিশ্বাস কৰা হয়। মা লক্ষ্মীৰ কৃপাত সেই ঘৰনৰ ভঁৰাল সদায় ভৰপূৰ হৈ থাকে, কিন্তু যিবোৰে খাদ্যৰ অসন্মান বা খাদ্যৰ অপচয় কৰে। তেওঁলোকৰ ঘৰত মা লক্ষ্মী আৰু অন্নপূৰ্ণা কেতিয়াও নাথাকে বুলি গণ্য কৰা হয়।

২. সদায় ব্ৰাহ্মণ আৰু বিদ্বান লোকৰ সংগত থকাটো আতিকৈ গুৰুত্বপূৰ্ণ। লগতে তেওঁলোককো সন্মান কৰা উচিত। গতিকে, যি ঘৰত জ্ঞানী মানুহক সন্মান কৰা হয়, সেই ঘৰত দেৱী লক্ষ্মীয়ে নিজেই দৰ্শন কৰে। জ্ঞানী মানুহে আপোনাক সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। গতিকে জ্ঞানী মানুহক সন্মান কৰা উচিত।

৩. চাণক্যৰ মতে, স্বামী-স্ত্ৰীয়ে প্ৰেমত বাস কৰা বা ইজনে সিজনক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। যি ঘৰত সদায় শান্তিৰ পৰিবেশ বিৰাজ কৰে, সেই ঘৰলৈ মা লক্ষ্মী নিজে নিজে আহে বুলি বিশ্বাস কৰা হয়। কিন্তু যিখন ঘৰত ইজনে সিজনৰ প্ৰতি কোনো সন্মান নাই, তাত সকলো কথাতে কাজিয়া হয়, সেই ঘৰত দৰিদ্ৰতাই বৃদ্ধি পায়। গতিকে ঘৰত সদায় শান্তিৰ পৰিবেশ থাকিব লাগে। স্বামী-স্ত্ৰীয়ে স্পৰপৰে-স্পৰপৰক সন্মান কৰিব লাগে।

Category
Profile picture for user UB Photos