IMDৰ সতৰ্কতা! ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা.........

rain

সমগ্ৰ ৰাজ্যতে কিনকিনিয়া বৰষুণৰ লগতে শীতৰ প্ৰবাহ অব্যাহত। ৰাজ্যৰ ভিন্ন অঞ্চলত বৰষুণক লৈ সতৰ্কতা জাৰি কৰিছে IMD য়ে। অসমত আৰু কিছুদিন লৈ প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনাৰ লগতে বিভিন্ন অঞ্চলত ঘূৰ্ণীবতাহৰ প্ৰচলনৰো আশংকা আছে।

IMDয়ে জনোৱা মতে,  আজি আৰু কাইলৈ ৰাজ্যৰ বহু অঞ্চলত বজ্ৰপাতৰ লগতে ধুমুহা বতাহৰ সমান্তৰালভাৱে লঘুৰ পৰা মধ্যমীয়া পৰিমাণৰ বৰষুণ আৰু শিলাবৃষ্টি সৃষ্টি হ’ব পাৰে। 

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বহু অঞ্চলত পুৱা পাতলীয়া বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছিল। আজিৰ দিনটো ৰাজ্যৰ প্ৰায় সকলো অংশতে বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। বৰষুণৰ ফলত ঠাণ্ডাৰ প্ৰকোপ কিছু পৰিমাণে বৃদ্ধি পাব পাৰে।

ইফালে, IMD য়ে আজি আৰু কাইলৈ ৰাজ্যৰ কেইবাটাও অঞ্চলত হালধীয়া সতৰ্কতা জাৰি কৰিছে। গুৱাহাটীত ৯৪ শতাংশ, শিলচৰত ৯১ শতাংশ, গোৱালপাৰাত ১০০ শতাংশ, গোলাঘাটত ৯৪ শতাংশ, যোৰহাটত ৭৪ শতাংশ আৰু উত্তৰ লখিমপুৰত ৯৪ শতাংশ বৰষুণৰ সম্ভাৱনা আছে।

Category
Profile picture for user UB Photos