অধিষ্ঠাত্ৰী দেৱী সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত......

saraswati

আজি বসন্ত পঞ্চমী তথা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। দেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহৰ লগতে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহত দেৱীৰ পূজা কৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিখন স্কুল–কলেজত পুৱাৰে পৰা উখল–মাখল পৰিৱেশ।

উল্লেখ্য যে, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ সকলোৱে নিজৰ শিক্ষা জীৱনৰ লগতে জ্ঞান অৰ্জন কৰি জীৱনত সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে। সেয়েহে সৰস্বতী পূজা উপলক্ষে সজাই–পৰাই তোলা হৈছে বিদ্যালয়–মহাবিদ্যালয় চৌহদ সমূহ। 

বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গৈছে উখল–মাখল পৰিৱেশ।

Category
Profile picture for user UB Photos