অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ অধিৱেশন......

Budget

ইতিমধ্যেই আৰম্ভ হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন। ৫ ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ হ'ব বাজেট অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ প্ৰথম দিনৰ কাৰ্যসূচী।

উল্লেখ্য যে, ১২ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট। মুখ্যমন্ত্ৰীয়ে দাখিল কৰিব তথ্য আয়োগৰ বাৰ্ষিক প্ৰতিবেদন। লগতে, দাখিল হ’ব ২০২২-২৩ বৰ্ষৰ অসম তথ্য আয়োগৰ বাৰ্ষিক প্ৰতিবেদন। 

আনহাতে, দাখিল হ’ব বিধানসভা সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ ৰাজ্যিক অধিসূচনা। মন্ত্ৰী পীযুষ হাজৰিকাই দাখিল কৰিব এই প্ৰতিবেদন।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উত্থাপন কৰিব আছাম টুৰিজিম (ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেচন) বিল। পৰিপূৰক দাবী মঞ্জুৰী, পৰিপূৰক বিনিয়োজন তালিকা হ’ব দাখিল। বিত্তমন্ত্ৰী অজন্তা নেওগে অধিৱেশনত দাখিল কৰিব এই তালিকা।

১৪ দিনীয়া অধিৱেশনত ১২খনকৈ বিধেয়ক উত্থাপন। উত্থাপন হ’ব বহুবিবাহ প্ৰতিৰোধ বিধেয়ক।

Category
Profile picture for user UB Photos