ৰাম মন্দিৰৰ পিছত এইবাৰ ভগৱান শিৱৰ ‘ঔম আকৃতিৰ’ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰস্তুতি! কেতিয়া লৈ প্ৰাণ প্ৰতিষ্ঠা হ'ব এই মন্দিৰৰ আৰু কোন কোন অতিথি উপস্থিত থাকিব?............

shiv mandir

ৰাম মন্দিৰৰ পিছতেই এইবাৰ আন এটা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰস্তুতি। আধাৰশিলা স্থাপনৰ প্ৰায় ৩ দশকৰ পাছত সাজু হৈ উঠিছে ভগৱান শিৱৰ ‘ঔম আকৃতিৰ’ মন্দিৰ। এই মন্দিৰটোৱেই হ’ব বিশ্বৰ প্ৰথমটো ঔম আকৃতিৰ শিৱ মন্দিৰ। 

এতিয়া মাথোঁ অপেক্ষা অভিষেকৰ দিনটোৰ বাবে। এই মন্দিৰৰ অভিষেক অনুষ্ঠান কেতিয়া হ’ব জানো আহক।

উল্লেখ্য যে, যোৱা ২২ জানুৱাৰীত অযোধ্যাৰ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সম্পন্ন কৰা হয়। ইয়াৰ পিছতে ৰাজস্থানৰ জয়পুৰত আন এক বিশাল মন্দিৰ উদ্বোধনৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।

shiv mandir

জানিব পৰা মতে, যোৱা ১৯৯৫ চনৰ পৰা প্ৰায় ২৮ বছৰ ধৰি জয়পুৰত ‘ঔম’ আকৃতিত ভগৱান শিৱৰ মন্দিৰ নিৰ্মাণ হৈ আছে। 

এই ‘ঔম আকৃতিৰ’ মন্দিৰ এতিয়া মুকলিৰ বাবে প্ৰায় সাজু হৈছে। ৰাজস্থানৰ পালিৰ যদন গাঁৱত আধাৰশিলা স্থাপনৰ প্ৰায় তিনি দশকৰ পাছত সাজু হৈছে ভগৱান শিৱৰ ‘ঔম’ আকৃতিৰ মন্দিৰ। 

উল্লেখ্যণীয় যে, অহা ১৯ ​​ফেব্ৰুৱাৰী ২০২৪ চনত এই বিশাল শিৱ মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ঔম আকৃতিত নিৰ্মিত শিৱ মন্দিৰৰ অভিষেক অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহনলাল যাদৱ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীকে ধৰি বহু অতিথিয়ে অংশগ্ৰহণ কৰিব।
 

Category
Profile picture for user UB Photos