APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা উজ্বলিল বহুতো প্ৰতিভাধৰ। APSCৰ বিভিন্ন ৰেংকত স্থান লাভ বহু মেধাৱীৰ। কষ্টসাধ্য ফলাফল লাভত উৎফুল্লিত স্থানপ্ৰাপক। পিতৃ-মাতৃৰ লগতে উৎফুল্লিত হৈছে অঞ্চলবাসী।
এইবাৰ APSC ত নিযুক্তিৰ বাবে ৯১৩গৰাকী প্ৰাৰ্থীক নিৰ্বাচন। ACS, APSৰ লগতে অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত। ACSৰ বাবে নিৰ্বাচন ৮৬গৰাকীক আৰু APSৰ বাবে নিৰ্বাচন ৬৫গৰাকীক।
গৌৰীপুৰৰ ৰছিকা ইছলামৰ ACS সেৱাত প্ৰথম স্থান লাভ । ACSৰ দ্বিতীয় স্থানত বৰকুছি মিৰ্জাৰ দীক্ষিত দাস। ACSৰ তৃতীয় স্থানত বাপাপুং ডিগবৈৰ বীথপি গগৈ। লগতে, APS শাখাত প্ৰথম স্থান লাভ হোজাইৰ ৰোহিত চৌধুৰীৰ।
সৰ্বাধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল এইবাৰৰ পৰীক্ষাত। ৯ মাহৰ ভিতৰতে সম্পন্ন সম্পূৰ্ণ প্ৰক্ৰিয়া।
- Log in to post comments