অবিশ্বাস্য! কেৱল ৭০০০ টকাৰ বাবেই নিজক সন্তানক আনৰ হাতত গতালে পিতৃ-মাতৃয়ে...........

child sale

বৰ্তমান সময়ত মানুহতকৈ ও টকাৰ মূল্য অধিক। কেৱল টকাৰ বাবেই গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত হত্যাকাণ্ডকে ধৰি বিভিন্ন অপকৰ্মৰ ঘটনা পোহৰলৈ অহা আমি শুনিবলৈ পাঁও। 

আকৌ এবাৰ তেনে এক বুকু কঁপি যোৱা ঘটনা পোহৰলৈ আহিছে। মাত্ৰ কেইটামান টকাৰ বাবেই নিজৰ ৫ বছৰীয়া সন্তানক বিক্ৰী কৰিলে পিতৃ-মাতৃয়ে। এই হৃদয় কপোঁৱা ঘটনাটো সংঘটিত হৈছে ৰঙাপৰাত।

উল্লেখ্য যে, ৰঙাপৰাত এহাল দম্পতীয়ে কেৱল কেইটামান টকাৰ বাবদ নিজ সন্তানক বিক্ৰী কৰাৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছে। ৫ বছৰীয়া এটি কণমানিক কেৱল সাত হাজাৰ টকাৰ বিনিময়ত আনক বিক্ৰী কৰিলে পিতৃ-মাতৃয়ে। 

৫ বছৰীয়া সন্তানক পিতৃ-মাতৃয়ে অৰুণাচলৰ ধিৰাঙত বিক্ৰী কৰা বুলি জানিব পৰা গৈছে। ৰঙাপৰা ১ নং নামনি গাঁৱত এই ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে, পিতৃ হাকিম আলী আৰু মাতৃয়ে সন্তানক অৰুণাচললৈ নিয়ে আৰু কোনো লোকক বিক্ৰী কৰে। ৫ দিন পূৰ্বে কাম বিচাৰি দুয়ো অৰুণাচল গৈছিল। 

উভতি আহিবলৈ হাতত পইচা নথকাত সন্তানকে বিক্ৰী কৰিলে। ৰঙাপৰালৈ উভতি অহাত ৰাইজে ধৰি দুয়োকে আৰক্ষীক গতাই দিয়ে। মন কৰিবলগীয়া যে,পূৰ্বেও দুয়ো আন এটি সন্তানক বালিপৰাত বিক্ৰী কৰিছিল।

Category