আপোনাৰ সম্পৰ্কত আওল লাগিছে নেকি? যদি লাগিছে তেন্তে সংগীৰ সৈতে সম্পৰ্ক মধূৰ কৰাৰ কেইটামান উপায়ৰ বিষয়ে জানো আহক.........

partner

সম্পৰ্কবোৰ তেনেই থুনুকা। যেনেদৰে এটা কাচঁ গ্লাচ ভঙাৰ পিছত পুনৰ যোৰা দিব নোৱাৰি, থিক তেনেদৰেই এটা সম্পৰ্ক এবাৰ ভাঙি যোৱাৰ পিছত কেতিয়াও জোৰা দিব নোৱাৰি। যদিহে আপোনাৰ জীৱনৰ সম্পৰ্কবোৰ মধুৰ হৈ নাথাকে, তেন্তে তাৰ নেতিবাচক প্ৰভাৱ আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰতো পৰে।

সেয়েহে সদায় আপোনাৰ সংগীৰ লগত সম্পৰ্ক ভালে ৰখাটো খুবেই গুৰুত্বপূৰ্ণ।

সংগীৰ সৈতে সম্পৰ্ক মধুৰ ৰখাৰ কেইটামান গুৰুত্বপূৰ্ণ কথা জানি লওঁ আহক -

সন্মান -

সকলো সম্পৰ্কৰে মূল ভেটি হৈছে সন্মান। এটা সম্পৰ্কত ইজনে সিজনক সন্মান কৰাতো আটাইতকৈ গুৰুত্বপূৰ্ণ। সম্পৰ্ক যিয়েই নহওঁক, যদি আপুনি অনুভৱ কৰে যে আপুনি আপোনাৰ সম্পৰ্কত সন্মান লাভ কৰা নাই, তেনেহ'লে আপুনি আপোনাৰ সংগীৰ সৈতে এই বিষয়ে ভালদৰে কথা পাতিব।

সময় -

সকলোৱে নিজৰ সংগীজনৰ লগত একান্ত সময় অতিবাহিত কৰি ভাল পায়, অলপ ব্যক্তিগত সময় বিচাৰে, য'ত তেওঁলোকে আন কাৰো হস্তক্ষেপ নিবিচাৰে। যদি আপুনি আপোনাৰ সংগীয়ে আপোনাৰ ব্যক্তিগত স্থানত অন্তৰ্ভুক্ত কৰিব নিবিচাৰে, তেনেহ'লে ইয়াকে লৈ আপুনি আপোনাৰ সম্পৰ্কটো বেয়া নকৰিব। কাৰণ এয়া স্বাভাৱিক।

ব্যক্তিত্ব -

এটা সম্পৰ্কত বান্ধ খোৱাৰ অৰ্থ এইটো নহয় যে আপুনি নিজকে সলনি কৰিব লাগিব। নিজকে সলনি কৰি সংগীৰ মতে চলিলে সম্পৰ্ক বেছি দিন স্থায়ী নহয়। সেয়েহে, আপুনি যিদৰে আছে তেনেকৈয়ে থাকক। নিজেও সলনি নহব আৰু সংগীকো সলনি কৰিবলৈ চেষ্টা নকৰিব।


পাৰিবাৰিক গোপনীয়তা -

গোটেই পৰিয়ালটোৰ তথা নিজৰো কিছুমান গোপনীয়তা থাকে, যিবোৰ সংগী তথা তেওঁৰ পৰিয়ালে সদায়েই নিজৰ মাজতে ৰাখিবলৈ বিচাৰে। যদি আপোনাৰ সংগীৰ লগতে পৰিয়ালৰো এনে কিবা থাকে আৰু আপোনাক এই বিষয়ে প্ৰকাশ নকৰে, তেন্তে তেওঁৰ ওপৰত অসন্তুষ্ট নহ’ব।আপুনি নিজেও এই ক্ষেত্ৰত সচেতন হ’ব। 

Category
Profile picture for user UB Photos