৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ, মৃত্যুৰ পূৰ্বে নেত্ৰ দান কৰে তেওঁ....

sarat

প্ৰাক্তন শিক্ষা মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান। GMCHত ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। নিশা ১.৩৬ মিনিটত স্বৰ্গগামী বৰ্ষীয়ান নেতাগৰাকী। জানিব পৰা মতে, ১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন হৈ আছিল বৰকটকী।

একেৰাহে ৬ বাৰকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বৰকটকীয়ে। হিতেশ্বৰ শইকীয়াৰ পৰা তৰুণ গগৈ মন্ত্ৰীসভালৈ দীঘলীয়া যাত্ৰা আছিল তেওঁৰ। 

১৯৩৫ত চৰাইদেউত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। দক্ষ ৰাজনৈতিক নেতা হিচাপে অসমৰ হৈ কৰিছিল বহু কাম। APCCৰো গুৰু দায়িত্ব গ্ৰহণ কৰিছিল শৰৎ বৰকটকীয়ে। প্ৰবীণ নেতাগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

আনহাতে, মৃত্যুৰ পূৰ্বে নেত্ৰ দান কৰি গৈছে শৰৎ বৰকটকীয়ে। ১০ বজাত GMCHৰ মৰ্গৰ পৰা তেওঁৰ নশ্বৰদেহ উলাই অনা হৈছে। ১১ বজাত ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পিছতেই উলুবাৰীস্থিত বাসগৃহলৈ নিয়া হয় নশ্বৰদেহ। বিয়লি সোণাৰিলৈ লৈ যাব শৰৎ বৰকটকীৰ নশ্বৰদেহ। সোণাৰিতেই সম্পন্ন হ’ব শেষকৃত্য।

Category
Profile picture for user UB Photos