৩০ অক্টোবৰ ২০২৩ ত ৰাহুৰ মহাৰাশি পৰিবৰ্তন, এই পৰিবৰ্তনত ৩ ৰাশিৰ জাতকৰ শুভ হোৱাৰ লগতে আন ৩ ৰাশিৰ বাবে অশুভ! গতিকে জানো আহক কোন ৰাশিৰ বাবে শুভ, কোন ৰাশিৰ বাবে অশুভ?........

r

বৈদিক শাস্ত্ৰত সময়ে সময়ে গ্ৰহ সমূহে ৰাশিৰ স্থান সলনি কৰে। গ্ৰহবোৰৰ ভিতৰত কেৱল শনি গ্ৰহ অতি লেহেমিয়াভাৱে এটা ৰাশিৰ পৰা আনটো ৰাশি লৈ গতি কৰে। শনিৰ পিছতে ৰাহু আৰু কেতুৱে লেহেমিয়া গতিত ৰাশি পৰিৱৰ্তন কৰে বুলি কোৱা হয়।

উল্লেখ্য যে, ৩০ অক্টোবৰত ৰাহু আৰু কেতুৱে নিজৰ স্থান সলনি কৰিব। ৰাহু আৰু কেতুৱে মেঘ ৰাশিত প্ৰৱেশ কৰিব। ৰাহু আৰু কেতুৰ এই পৰিৱৰ্তনত ৩ ৰাশিৰ জাতকৰ শুভ হোৱাৰ লগতে আন ৩ ৰাশিৰ বাবে অশুভ বুলি জানিব পৰা গৈছে আৰু থাকি যোৱা ৬ টা ৰাশি নিয়মীয়া ভাৱে চলি থাকিব।

গতিকে জানো আহক কোন ৰাশিৰ বাবে শুভ, কোন ৰাশিৰ বাবে অশুভ?

প্ৰথমে জানো আহক ৩ ৰাশি জাতকৰ শুভ ফলৰ বিষয়ে......

বৃশ্চিক ৰাশি - 

এই সময় খিনি বৃশ্চিক ৰাশিৰ বাবে অতিকৈ শুভ বুলি জ্যোতিষ শাস্ত্ৰত পোৱা গৈছে। দীৰ্ঘ দিনীয়া সমস্যাৰ সমাধান হোৱাৰ লগতে অত্যাধিক খৰচৰ পৰা হাত সাৰিব পাৰিব। পৰিয়ালত মাংগলিক কামৰ আয়োজন হ'ব, স্বাস্থ্য ভালে থাকিব। ছাত্ৰ-ছাত্ৰী সকলৰ বাবে শুভ।

তুলা ৰাশি - 

তুলা ৰাশিৰ ব্যক্তিসকলৰ মনৰ সকলো ইচ্ছা পূৰণ হোৱাৰ যোগ দেখা গৈছে। চাকৰিয়াল সকলৰ কৰ্মস্থান সলনি হ'ব পাৰে, লগতে সাংসাৰিক জীৱন সুখময় হ'ব। শত্ৰুৰ নাশ হ'ব, কৰ্ম স্থলীত মান-সন্মান বৃদ্ধি হ'ব। সাংবাদিক, লেখক সকলৰ উন্নতিৰ যোগ। 

মকৰ ৰাশি - 

মকৰ ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধি আৰু সাহস বৃদ্ধি হোৱাৰ আশংকা। ভ্ৰমণৰ যোগ, মান-সন্মান বৃদ্ধি, লেখক সকলৰ বাবে শুভ ফল। বিবাহৰ যোগ, বাণিজ্যত সফল। লগতে ধন প্ৰাপ্তিৰ যোগ। 

এতিয়া জানো আহক ৩ ৰাশি জাতকৰ অশুভ ফলৰ বিষয়ে........

মেঘ ৰাশি - 

মেঘ ৰাশিৰ জাতকৰ খৰচ বৃদ্ধি হোৱাৰ লগতে মানসিক অশান্তি হ'ব পাৰে। আনহাতে, শত্ৰু বৃদ্ধি হোৱাৰ আশংকা। পাৰিবাৰিক কন্দলৰ যোগ। কৰ্মস্থলীতো সাৱধান হোৱাৰ দৰকাৰ কিয়নো বদনাম হ'ব পাৰে।

সিংহ ৰাশি - 

সিংহ ৰাশিৰ ব্যক্তি সকলৰ জীৱনত এই সময় খিনিত অপৰিকল্পিত ঘটনা সংঘটিত হ'ব পাৰে। আৰ্থিক সমস্যা, মানুহৰ লগত কথোপকথন কৰোতে সাৱধান, ব্যৱসায়ীক সকলৰ বাবে অশুভ। চাকৰিয়াল সকলৰ কৰ্মস্থান সলনি হোৱাৰ যোগ। বিদ্যাৰ্থী সকলৰ বাবে শুভ।

ধনু ৰাশি - 

ধনু ৰাশিৰ জাতকৰ খৰচ বৃদ্ধি হোৱাৰ লগতে মানসিক অশান্তি হ'ব পাৰে। আনহাতে, শত্ৰু বৃদ্ধি হোৱাৰ আশংকা। পাৰিবাৰিক কন্দলৰ যোগ। কৰ্মস্থলীতো সাৱধান হোৱাৰ দৰকাৰ কিয়নো বদনাম হ'ব পাৰে।

Category
Profile picture for user UB Photos