পৃথিৱীৰ আটাইতকৈ ধনী লোকসকলে কেনেদৰে জীৱন-নিৰ্বাহ কৰে সেই বিষয়ে জানো আহক.........

richest

পৃথিৱীৰ আটাইতকৈ ধনী মানুহবোৰে কেনেদৰে জীৱন-নিৰ্বাহ কৰে বা জীৱনৰ সম্পৰ্কে তেওঁলোকৰ ধাৰণানো কি? সেই কথা জানিবলৈ কম-বেছি পৰিমাণে সকলোৰে আগ্ৰহ থকা দেখাবলৈ পোৱা যায়। আচলতে জীৱনৰ প্ৰতি সকলোৰে দৃষ্টিভংগী আৰু মনোভাব বেলেগ বেলেগ। 

উল্লেখ্য যে, বিল গেটছ, মুকেশ আম্বানী, ইলন মাস্কৰ দূৰেই বিশ্বৰ শীৰ্ষ ধনী লোকসকলৰো জীৱনত কিছুমান নিজস্ব ৰীতি-নীতি তথা অভ্যাস আছে। বিশেষকৈ বিশ্বৰ ধনী লোকসকলৰ কিছুমান সহজ অথচ সফল অভ্যাসৰ বিষয়ে জানো আহক। যিটো হয়তো আপুনি অনুসৰণ কৰিও সফলতা লাভ কৰিব পাৰে।

ইলন মাস্ক -

elon


ইলন মাস্ক বিশ্বৰ অন্যতম ধনী ব্যক্তি। তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ ২৬০ বিলিয়ন ডলাৰ। কোনেও নজনাকৈ ইলন মাস্কৰ এটা অভ্যাস আছে যিটো তেওঁ দৈনিক কৰে। অৰ্থাৎ দিনটোৰ কিছু সময় তেওঁ পঢ়া-শুনাত পাৰ কৰে। তেওঁ এজন নিয়মীয়া পাঠক আৰু তেওঁ জ্ঞান আহৰণৰ বাবে অহৰই সাধনা কৰে৷

জেফ বেজোছ -

jeff


আমাজনৰ সফলতাৰ কাহিনীৰে শীৰ্ষ স্থানপ্রাপ্ত জেফ বেজোছ। পৃথিৱীৰ অন্যতম ব্যস্ত লোক হোৱাৰ পাছতো জেফে দিনটোত অন্ততঃ এটা কাম কৰিবলৈ কেতিয়াও নাপাহৰে বা সময় উলিয়ায় যিটো কৰি তেওঁ ভাল পায়। তেওঁ নিজকে সুখী কৰি ৰাখিবলৈ আৰু মৰম বিলাবলৈ ভালপায়।

গৌতম আদানী -

adani


শেহতীয়াকৈ ভাৰতৰ আটাইতকৈ ধনী লোকৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে। বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনী ব্যক্তিৰ ভিতৰতো তেওঁৰ নাম আছে। গৌতম এজন উৎকৃষ্ট যোগাযোগকাৰী আৰু আলোচনাপন্থী। তেওঁ নিয়মিতভাৱে এই দক্ষতাৰ অনুশীলন কৰে।

বিল গেটছ -

bill


তেওঁৰ সফলতাৰ কাহিনীৰে বহুতৰে বাবে প্ৰেৰণা হৈ পৰিছে। বেছিভাগ মানুহেই ভাবে যে বিলিয়নাৰসকলে ইয়াত তাত টকা খৰচ কৰে, যি বিচাৰে কিনিব পাৰে ইত্যাদি। কিন্তু সেই দিশত বিল গেটছৰ সম্পূৰ্ণ বিপৰীত। তেওঁ ধন খৰচ কৰাৰ পৰিৱর্তে ধন সঞ্চয় কৰাত দৃঢ় বিশ্বাস কৰে। নিজে খৰচ কৰাৰ পৰিৱৰ্তে এই ধনী ব্যক্তিজনে কোটি কোটি টকা চেৰিটিলে দান কৰে।

বার্নার্ড আর্নল্ট -

bernard


বিশ্বৰ সৰ্ববৃহৎ বিলাসী সামগ্ৰী কোম্পানীটোৰ প্ৰতিষ্ঠাপকজনে নিয়মিতভাৱে চৰ্চা কৰে। বাৰ্নাৰ্ডৰ মতে ব্যৱসায় বুজিবলৈ সময়, পৰিশ্ৰম আৰু ধৈৰ্য্যৰ প্ৰয়োজন।

ৱাৰেন বাফেট -

warren


বিশ্বৰ অন্যতম ধনী বিনিয়োগকাৰী ৱাৰেন বাফেট। তেওঁৰ এটা আচৰিত অভ্যাস হ'ল তেওঁ দৈনন্দিন খাদ্যৰ বাবে বেছি খৰচ কৰি ভাল নাপায়। বাহিৰৰ খাদ্যতকৈ তেওঁ ঘৰৰ খাদ্য বেছিকৈ খায়।

Category
Profile picture for user UB Photos