পত্নীৰ সৈতে মন্দিৰত পূজা কৰা দেখা গ'ল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক। জি–২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিও ভাৰতীয় বংশোদ্ভূত এইগৰাকী ৰাজনীতিকে জনাইছিল, এবাৰ মন্দিৰলৈ যোৱাৰ ইচ্ছা। সেইমতেই জি–২০ সন্মিলনৰ মাজতে পত্নী অক্ষতা মূৰ্তিক লৈ দিল্লীৰ অক্ষৰ ধাম মন্দিৰত পূজা দিবলৈ গ’ল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে। তেওঁ প্ৰায়ে কয় যে তেওঁ এজন গৌৰৱী হিন্দু।
দেওবাৰে পুৱা ৫.৪৫ বজাত পত্নীক লৈ দিল্লীৰ অক্ষৰধাম মন্দিৰত উপস্থিত হয় ঋষি ছুনাক। মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ঐতিহ্য পালন কৰি হিন্দু ৰীতি–নীতিৰে তেওঁক উষ্ম আদৰণী জনোৱা হয়। পত্নী অক্ষতা মূৰ্তিৰ সৈতে খালী ভৰিৰে মন্দিৰ চৌহদত প্ৰৱেশ কৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী তথা ভাৰতৰ উদ্যোগপতি নাৰায়ণা মূৰ্তিৰ জোঁৱায়ে। পুৱাৰ ভাগত দিল্লীৰ চিপচিপিয়া বৰষুণ পৰিছিল। সেই সময়তে পত্নীৰ মূৰৰ ওপৰত ছাতি ধৰি থকাও দেখা যায় ছুনাকক।
আনহাতে, পত্নীক লগত লৈ মন্দিৰ চৌহদ পৰিদৰ্শন কৰে ঋষি ছুনাকে। প্ৰাচীণ এই মন্দিৰৰ স্থাপত্য শিল্পৰ ভূয়সী প্ৰশংসা কৰে। নীলকণ্ঠ বৰ্ণী মহাৰাজৰ মূৰ্তিৰ সন্মুখতো অৰ্ঘ্য নিবেদন কৰে দুয়োগৰাকীয়ে। স্বামী–স্ত্ৰীয় দুয়ো অত্যন্ত নিষ্ঠা সহকাৰে পূজা আৰু আৰতি কৰে। পূজাৰ শেষত তেওঁলোকক অক্ষৰ ধাম মন্দিৰৰ এটা মডেলো উপহাৰ দিয়ে মন্দিৰ কৰ্তপক্ষই।
উল্লেখ্য যে, অক্ষৰ ধাম মন্দিৰৰ পৰিচালক জ্যোতিন্দ্ৰ দাভেই কয়, ‘‘ঋষি ছুনাকৰ চকু আৰু কামত যি প্ৰেম–ভক্তি আছিল, সেয়া এজন ভক্তৰ থাকে। কোনো দেশৰ প্ৰধানমন্ত্ৰী, কোনো ৰাজনৈতিক নেতাৰ নহয়।’’
- Log in to post comments