বক্স অফিচত ছুনামী! প্ৰথম দিনাই আয় কৰিলে ১০০ কোটিৰো অধিক, লগতে গঢ়িলে বহু কেইটা ৰেকৰ্ড......

jawan

বক্স অফিচত জাৱানৰ ছুনামী। নিজেই নিজৰ ৰেকৰ্ড ভাঙিলে বাদশ্বাহ শ্বাহৰুখ খানে। পাঠানৰ পাছত এইবাৰ জাৱান। প্ৰথম দিনাৰ ব্যৱসায়ৰ নিৰিখত ৰেকৰ্ড ভংগ জাৱানৰ। জাৱানে বক্স অফিচত প্রথম দিনাই আয় কৰিছে ৭৫ কোটি টকা।

উল্লেখ্য যে, জাৱান ছবিখনে একাধিক ভাষাত মুক্তি লাভ কৰিছে। ইয়াৰ মাজতে কেৱল হিন্দী ভাৰ্ছনৰ পৰা আয় কৰিছে ৬৫ কোটি আৰু বাকী ১০ কোটি আয় কৰিছে তামিল, তেলেগু ভাৰ্ছনৰ পৰা।

jawan

বক্স অফিচ ইণ্ডিয়াৰ তথ্য মতে শ্বাহৰুখ খানৰ পাঠান ছবি খনে প্ৰথম দিনা আয় কৰিছিল ৫৬ কোটি। অর্থাৎ শ্বাহৰুখ খানৰ নতুন ছবি জাৱানে সেই ৰেকৰ্ডও ইতিমধ্যে ভংগ কৰিছে।

জন্মাষ্টমীৰ দিনা জাৱানৰ মুক্তি শ্বাহৰুখ খানৰ মাষ্টাৰষ্টক বুলিও বহু জনে ধাৰণা কৰিছে। বুধবাৰে নিশা ২ বজাৰ পৰাই শ্বাহৰুখৰ ছবি চাবলৈ ভিৰ কৰিছে অনুৰাগীয়ে। 

স্বাভাৱিকতকৈ বহুকেইটা ৰেকৰ্ড ভংগ কৰিছে শ্বাহৰুখ খানৰ নতুন ছবি জাৱানে! পিছে জানো আহক কি কি ৰেকৰ্ড ভংগ কৰিলে জাৱানে?

১) বর্তমান সময়লৈকে সর্বোচ্চ আয় কৰা হিন্দী ছবি হৈছে জাৱান, কেৱল সেয়াই নহয়, মুক্তিৰ দিনা ৬০ কোটিৰ ব্যৱসায় কৰা প্ৰথম হিন্দী ছবিৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে জাৱানে।

২) গুজৰাট আৰু পশ্চিমবংগত জাৱানে সর্বাধিক ব্যৱসায় কৰিছে। উল্লেখ্য যে, হিন্দী ভাৰ্ছনৰ পৰাই জাৱানে সর্বাধিক আয় কৰিছে। 

৩) এডভান্স বুকিঙতো ৰেকৰ্ড গঢ়িছে জাৱানে। মুক্তিৰ আগে আগে ছবিখনে ৫.৫৭ লাখ টিকেট বিক্রি কৰিছে। 

jawan

৪) জাৱানে একাধিক ভাষাত মুক্তিলাভ কৰিছে। দেশৰ ভিতৰত চেন্নাইত সর্বাধিক ব্যৱসায় কৰিছে ছবিখনে। মুম্বাইত ছবিখনে ব্যৱসায় কৰিছে ৫৫ শতাংশ। হায়দৰাবাদত ব্যৱসায় কৰিছে ৭৫ শতাংশ।

৫) একাধিক দেশত মুক্তি লাভ কৰিছে জাৱানে। খবৰ অনুসৰি প্ৰথম দিনা জাৱানৰ গ্লৱেল কালেকশ্ব্যন ৮৫ কোটি। সেই ক্ষেত্ৰত প্ৰথম দিনাই সমগ্র বিশ্বজুৰি ১৩০ কোটিৰ ব্যৱসায় কৰিছে ছবিখনে। কেৱল ভাৰততেই আয় কৰিছে ৮৫ শতাংশ। 

৬) শ্বাহৰুখৰ জাৱানৰ পূৰ্বে দক্ষিণৰ ছবিসমূয়েহে এনেদৰে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। RRRয়ে প্রথম দিনা ব্যবসায় কৰিছিল ২২৩.৫ কোটি, বাহুবলী-২য়ে আয় কৰিছিল ২১৪.৫ কোটি আৰু KGF চেপ্টাৰ-২ য়ে আয় কৰিছিল ১৬৮.৫ কোটি।

Category
Profile picture for user UB Photos