আপুনিও বাৰু কেতিয়াবা কাৰোবাক প্ৰয়োজনতকৈ অধিক সময় বা সন্মান দিছে নেকি? যদি দিছে তেন্তে এতিয়াই বন্ধ কৰক!..........

chankya

আমি প্ৰায় সকলোৱে মহান অৰ্থনীতিবিদ, লেখক, চিন্তাবিদ আচাৰ্য চাণক্যই দিয়া নীতি শাস্ত্ৰৰ বহু কথাই মানি চলো। আচাৰ্য চাণক্যৰ নীতিয়ে মানুহক সফল জীৱনৰ পথ প্ৰদৰ্শন কৰে। তেওঁৰ প্ৰতিটো কথাই জীৱনৰ সত্যতাক প্ৰতিফলিত কৰে।

আপুনি যদি আপোনাৰ সন্মান সমাজত অটুট ৰাখিব বিচাৰে, তেন্তে চাণক্যৰ এই নীতিসমূহ পালন কৰক -

আচাৰ্য চাণক্যৰ মতে, সকলো ব্যক্তিৰ বাবে সময় আৰু সন্মান অতি গুৰুত্বপূৰ্ণ। আপুনি যদি সমাজত বা প্ৰিয়জনে আপোনাক সন্মান কৰাতো বিচাৰে, তেন্তে প্ৰয়োজনতকৈ অধিক সময় আৰু সন্মান দিয়া বন্ধ কৰক।

জানো আহক, নিজৰ আত্মসন্মানৰ বাবে আনক প্ৰয়োজনতকৈ অধিক সময় আৰু সন্মান কিয় দিব নালাগে?

chanakya

সময় বহুমূলীয়া - 

চাণক্যই কৈছে যে সময় প্ৰতিজন ব্যক্তিৰ বাবে অতি মূল্যৱান, সেইবাবেই কাকো প্ৰয়োজনতকৈ বেছি সময় দিব নালাগে। আচলতে যেতিয়াই এজন ব্যক্তি মোহৰ বন্ধনত আবদ্ধ হৈ পৰে, তেতিয়াই তেওঁ নিজৰ প্ৰিয়জনৰ লগত অধিক সময় কটাবলৈ ইচ্ছা কৰিবলৈ আৰম্ভ কৰে। আৰু যেতিয়াই এজন ব্যক্তিয়ে প্ৰয়োজনতকৈ বেছি সময় পায়, তেতিয়া তেওঁ সময় দিয়া ব্যক্তিজনক সাধাৰণ বুলি গণ্য কৰে। এই কাৰণে সময় দিয়া ব্যক্তিজনৰ মূল্য আনৰ দৃষ্টিত কমিবলৈ আৰম্ভ কৰে।

প্রয়োজনতকৈ কম বা বেছি সম্মান নিদিব -

বহু সময়ত এনেকুৱা হয় যে যেতিয়া আমি কাৰোবাক অত্যাধিক সন্মান দিওঁ, তেতিয়া সন্মুখৰ ব্যক্তিজনে তাৰ সুবিধা ল'বলৈ আৰম্ভ কৰে। ইয়াৰ লগে লগে তেওঁৰ দৃষ্টিত আপোনাৰ প্ৰতি থকা সন্মান বা গুৰুত্ব ক্রমান্বয়ে কমিবলৈ আৰম্ভ কৰে। কাৰোবাক অত্যধিক সম্মান দিলে তেওঁৰ স্বভাৱত এক আকাশ-পাতাল পার্থক্য আহি যায়। সেইবাবেই চাণকাই কৈছে যে সময় আৰু সম্মান এনেকুৱা বহুমূলীয়া বস্তু যিটো প্ৰয়োজন অনুসৰিহে দিব লাগে।

Category
Profile picture for user UB Photos