মৰাণৰ তিলৈ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভয়ংকৰ ঘটনা, কণমানিৰ আঘাতপ্ৰাপ্ত স্থানত চিলাই মাৰিলে ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে

1

মৰাণৰ তিলৈ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভয়ংকৰ ঘটনা

চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কণমানিক চলালে চিকিৎসা

আঘাতপ্ৰাপ্ত স্থানত চিলাই মাৰিলে ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে

চিলাই দিয়াৰ পিছতেই যন্ত্ৰণাত চটফটালে কণমানিটিয়ে

প্ৰচণ্ড বিষত অচেতন হৈ পৰে কণমানিটি

ঘটনাক কেন্দ্ৰ কৰি ৰোগীৰ আত্মীয়-চিকিৎসকৰ দুৰ্বাদল কাজিয়া

অভিভাৱকলৈ চিকিৎসকে চোঁচা লোৱাৰ দৃশ্য বন্দী কেমেৰাত

দুদিনৰ পূৰ্বে মাহমৰা সমষ্টিৰ এজন ব্যক্তিয়ে তেওঁৰ কণমানি কন্যা আঘাতপ্ৰাপ্ত হোৱাত সন্ধিয়া মৰাণৰ তিলৈৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আনিছিলসেই সময়ত কণমানিজনীৰ চিকিৎসা চিকিৎসক বা নাৰ্চে কৰাৰ বিপৰীতে আঘাতপ্ৰাপ্ত অংশটো কোনোধৰণৰ চিকিৎসা নকৰাকৈ চিকিৎসালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বীৰেণ বেনেটে চিলাই কৰি দিয়েফলত কণমানিজনী বিষত অৱস হৈ পৰেএই দৃশ্য কণমানিজনীৰ অভিভাৱকে দেখি কৰ্মৰত চিকিৎসক ডাঃ মধুস্মীতা হাজৰিকাক অৱগত কৰাত দুয়োৰে মাজত কাজিয়া সূত্ৰপাত হয়উগ্ৰ হৈ পৰা চিকিৎসক গৰাকীয়ে অভিভাৱক গৰাকীলৈ এক প্ৰকাৰ চোঁ‌চা লোৱাৰ দৃশ্যও ভিডিঅটোত দেখিবলৈ পোৱা গৈছে । পিছত অৱশ্যে আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি শান্ত হয় । ভিডিঅটোত চিকিৎসক গৰাকীৰ ৰুদ্ৰৰূপ দেখি ৰাইজো হতবাক হৈ পৰিছে । 

Category
Profile picture for user UB Photos