স্বাধীনতা দিৱসৰ দিনাই অঘটনঃ মুছলপুৰত পেৰেডৰ অন্তত ঢলি পৰিল ২২ গৰাকী ছাত্ৰ-ছাত্ৰী.......

Student

স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে মুছলপুৰত অঘটন। পেৰেডৰ অন্তত ঢলি পৰিল ২২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী ।

উল্লেখ্য যে, বাক্সা জিলাত কেন্দ্ৰীয়ভাৱে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে মুছলপুৰত। এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আৰক্ষীৰ উপৰিও বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।

students

পেৰেডত অংশগ্ৰহণ কৰা এনে শিক্ষাৰ্থীসকলৰ মাজৰে প্ৰায় ২২ গৰাকী পেৰেডৰ অন্তত ঢলি পৰে। ইয়াৰ পাছতে ততাতৈয়াকৈ শিক্ষাৰ্থীসকলক মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়খনৰ চিকিৎসকে জনোৱা অনুসৰি অত্যাধিক গৰমৰ বাবেই এইদৰে অসুস্থ হৈ শিক্ষাৰ্থীসকল ঢলি পৰিছে।
 

Category
Profile picture for user UB Photos