জনপ্ৰিয় বিজ্ঞান প্ৰচাৰক তথা যোৰহাটৰ বিশিষ্ট ব্যক্তি ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ আকস্মিক মৃত্যু.......

Pranab Chetia

যোৰহাট প্লেনেটৰিয়াম, বিজ্ঞান কেন্দ্ৰৰ কিউৰেটৰ তথা বিশিষ্ট ব্যক্তি ডঃ প্ৰণৱজ্যোতি চেতিয়া আৰু নাই। বৃহস্পতিবাৰে নিশাৰ ভাগত হঠাৎ নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় প্ৰণৱজ্যোতি চেতিয়াৰ।

Pranab Chetia

খবৰ অনুসৰি, বৃহস্পতিবাৰে নিশা হঠাৎ গা বেয়া লগাত নিজে চিকিৎসালয়লৈ আহি ৰক্তচাপ পৰীক্ষা কৰাৰ সময়তে চিকিৎসালয়ত মৃত্যু হয় জনপ্ৰিয় ব্যক্তিগৰাকীৰ।'বিজ্ঞাজ্যোতি' নামৰ এটা পেজৰ জৰিয়তে বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ চেষ্টা কৰিছিল চেতিয়াই।

Pranab Chetia

বিজ্ঞানীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে এতিয়া শোকস্তব্ধ কৰিছে যোৰহাটবাসীক।  ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যুত এগৰাকী সৎ , দক্ষ বিষয়াক হেৰুৱাই বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

Category
Profile picture for user UB Photos