Sri Raghupati

অৱশেষত আজি ছবিগৃহত মুক্তি লাভ কৰিব ৰবি শৰ্মা অভিনীত 'শ্ৰী ৰঘুপতি'। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে ছবিখনৰ।  পুৱা ১১ বজাৰ পৰা ছবিখন প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰিছে ন্যায়ালয়ে। কিন্তু আদালতৰ আনুষ্ঠানিক পত্ৰ লাভ নকৰাৰ বাবে ১১ বজাত প্ৰদৰ্শন কৰিব নোৱাৰিলে বুলি জানিব পৰা গৈছে। আজি বিয়লিৰ ভাগত ছবিখন উপভোগ কৰিব পাৰিব দৰ্শকে। আনহাতে ছবিখনে মুক্তি লাভ কৰাৰ বাতৰি পায় উৎফুল্লিত হৈ পৰিছে চলচ্চিত্ৰপ্ৰেমী তথা ৰবি শৰ্মাৰ অনুৰাগীসকল।