HSLC Result

আজি ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৭২, ৬৯ শতাংশ। লেটাৰ মাৰ্কছ লাভ কৰিছে মুঠ  ১,৭৭,৯১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে । ইয়াৰে সৰ্বাধিক সমাজ বিজ্ঞান বিষয়ত ৪৩,০৬৯ গৰাকী, ইংৰাজী বিষয়ত ৪২,২৮২ গৰাকী, সাধাৰণ বিজ্ঞানত ১৮,৮৩৪ গৰাকী, সাধাৰণ গণিতত ১৬,৫৩১গৰাকী,অসমীয়া বিষয়ত ৭,১৩৯ গৰাকী আৰু ঐচ্ছিক গণিতত ৭,৪৫৯ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে লেটাৰ মাৰ্কছ।