Jaipur

হৃদয়বিদাৰক! নলবাৰী দুৰ্ঘটনাৰ দৰেই পুনৰ অন্য এক দুৰ্ঘটনাই জোকাৰি গ'ল ৰাজ্য।ৰাজস্থানৰ জয়পুৰত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাই কাঢ়ি লৈ গ'ল অসমৰ এটি পৰিয়াল। নিথৰুৱা হৈ ৰ'ল ৪ বছৰীয়া এটি কণমানি। কৰ্মসূত্ৰে দিল্লীত থকা নিজ জী- জোঁৱাইৰ ঘৰলৈ ফুৰিবলৈ গৈছিল শাহু জ্যোতিমালা চৌধুৰী গগৈ। জ্যোতিমালাৰ ঘৰ আছিল নুমলীগড়ত। জী- জোঁৱাইৰ ঘৰলৈ যোৱা শাহুক লগত লৈ পৰিয়ালটো ফুৰিবলৈ গৈছিল ৰাজস্থান। তেওঁলোকৰ সৈতে লগত গৈছিল অৰ্ণৱ আৰু মুনমীৰ একমাত্ৰ ৪ বছৰীয়া সন্তান আৰভ বৰা। হাঁহি মাতি ফুৰিবলৈ বুলি ওলাই যোৱা পৰিয়ালটোৰ বাবে আছিল সেয়াই শেষ দিন। কণমানিটোৰ বাবেও নামি আহিল কাল অমানিশা।